NORTHEAST NOW (Assamese)

Coronavirus India Update দেশত পুনৰ কৰ’নাৰ ৰঙা চকু! ২৪ ঘন্টাত মৃত্যু ৭৩৩জনৰ; সংক্ৰমণ বৃদ্ধি পালে ২০শতাংশ

October 28, 2021 2:30 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

Coronavirus India Update দেশত কৰ’না ভাইৰাছৰ তৃতীয়টো ঢৌৰ বিষয়ে চৰ্চা চলি থকাৰ মাজতে দৈনিক সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱাটোৱে পুনৰ উদ্বেগৰ কাৰণ হিচাপে দেখা গৈছে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ হাজাৰ ১৫৬ জন লোক। পূৰ্বৰ দিনৰ তুলনাত এয়া ২০ শতাংশ অধিক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৭৩৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৫ হাজাৰ ৩৮৬জন।

Also Read: Containment zone declared বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ; মহানগৰীৰ এটা অঞ্চলৰ চাৰিটা স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১৭হাজাৰ ৯৫জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩লাখ ১৪হাজাৰ ৪৩৪জন।  

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৬হাজাৰ ৯৮৯জন।

Also Read: CM Vigilance ৰ গোচৰত বিধায়ক শ্বেৰমান আলীৰ জামিন লাভ

বৰ্তমানলৈ দেশত ১০ কোটি লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত প্ৰায় ৪৯লাখ লোকে কৰ’নাৰ ভেকচিন লাভ কৰিছে। সেইদৰে প্ৰায় ১২লাখ লোকৰ কৰ’না টেষ্ট সম্পন্ন হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Related News