NORTHEAST NOW (Assamese)
দেশ

Covid-19 Update: দেশত দৈনিক সংক্ৰমণৰ হাৰে অতিক্ৰম কৰিলে ১.৯৪ লাখৰ ঘৰ, মৃত্যুৰ হাৰ বৃদ্ধি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2022 12:36 pm
COVID Update in Assam

দেশত ক’ৰণাৰ সংক্ৰমণে সৃষ্টি কৰিছে ভীষণ আশংকাৰ। যোৱা ২৪ ঘন্টাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে সংক্ৰমণ।

যোৱা ২৪ ঘণ্টাত দেশত ক’ভিদ পজিটিভিটিৰ হাৰ ১১.০৫ শতাংশ। সোমবাৰৰ তুলনাত পজিটিভৰ হাৰ বৃদ্ধি পাইছে ১৫.৮ শতাংশ।

আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৯৪ হাজাৰ ৭২০ জন লোক। মঙ্গলবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১লাখ ৬৮ হাজাৰ ৬৩ জন লোক।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪ হাজাৰ ৮৬৮ জন।

এতিয়ালৈ দেশত মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩ কোটি ৬০ লাখ ৭০ হাজাৰ ৫১০ জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৪৪২ জন লোকৰ মৃত্যু হৈছে। সামগ্ৰিক ভাৱে দেশত মৃত্যু হোৱা ক’ভিদ আক্ৰান্ত ৰোগীৰ সংখ্যা ৪ লাখ ৮৪ হাজাৰ ৬৫৫ জনলৈ বৃদ্ধি পাইছে।

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮৪ হাজাৰ ৬৫৫ জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৬০ হাজাৰ ৪০৫ জন লোক। সেইদৰে দেশত এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ লোকৰ সংখ্যা হৈছে ৩ কোটি ৪৬ লাখ ৩০ হাজাৰ ৫৩৬ জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯ লাখ ৫৫ হাজাৰ ৩১৯ জন।

দেশত বৰ্তমানলৈকে ১৫৪ কোটিকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।