NORTHEAST NOW (Assamese)
অসম

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Posted by: এন ই নাও নিউজ, মুম্বাই Updated by: এন ই নাও নিউজ, মুম্বাই July 2, 2022 8:05 am

Thackeray removes Shinde একনাথ সিন্দেই সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। তাৰ পূৰ্বে প্ৰকৃত শিৱসেনা কোন তাকলৈ যুঁজ অব্যাহত আছে। উদ্ধৱ ঠাকৰেই এই যুঁজৰ মাজতে নিক্ষেপ কৰিলে এডাল নতুন শৰ! তেওঁ সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপ সাৰিত কৰি দিলে।

উদ্ধৱ ঠাকৰে দিয়া পত্ৰখনত কয় যে তেওঁক “দল বিৰোধী কাৰ্যকলাপৰ” বাবে অপসাৰণ কৰা হৈছে। পত্ৰখনত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সিন্দেও স্বেচ্ছাই দলৰ সদস্য পদ ত্যাগ কৰিছে।

লগতে পঢ়ক: পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

কিন্তু এই পত্ৰখন কিমান কাৰ্যকৰী হ’ব। ইয়াৰ আগতে সিন্দে নিজেই দাবী কৰিছিল যে তেওঁ শিৱসেনাৰ নেতা। উদ্ধৱৰ পক্ষ দলৰ ভিতৰত সংখ্যালঘু। অৱশ্যে সিন্দে কেতিয়াও দলৰ মুৰব্বী বুলি দাবী কৰা নাছিল। প্ৰণালীগত ভাৱে উদ্ধৱেই এতিয়া দলৰ মুৰব্বী।

সিন্দে পন্থী  শিৱসেনাৰ এগৰাকী নেতাৰ মতে উদ্ধৱ ঠাকৰেই এই কথাটোৰ আধাৰতে পত্ৰখন দিছে। পত্ৰখনত তেওঁ লিখিছে, “মই এতিয়াও শিৱসেনাৰ মুৰব্বী। সেই ক্ষমতাৰেই মই একনাথ সিন্দেক দলৰ নেতাৰ পদৰ পৰা  অপসাৰিত কৰিছো।

লগতে পঢ়ক: সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

উক্ত নেতাগৰাকীৰ মতে সিন্দেই সোমবাৰেই বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। উদ্ধৱৰ পত্ৰখন তাৰ পূৰ্বে তেওঁৰ ওপৰত এক চাপ সৃষ্টিক কৌশল।

ইয়াৰ পূৰ্বে শিৱসেনাৰ মুখ্য সচেতক (চীফ হুইপ) সুনীল প্ৰভুৱে সিন্দেকে ধৰি ১৬ গৰাকী বিদ্ৰোহী বিধায়কৰ তেওঁলোকৰ বিধায়ক পদ খাৰিজৰ আবেদন নিষ্পত্তি নোহোৱালৈকে বিধানসভাত নিলম্বনৰ দাবী জনাই আদালতৰ কাষ চাপিছে। অহা ১১ জুলাইত আদালতত এই আবেদনৰ শুনানি হ’ব।