NORTHEAST NOW (Assamese)

ভাৰতত এতিয়ালৈকে ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে এক কোটিৰো অধিক লোক

January 7, 2021 11:11 am · এন ই নাও নিউজ

ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা এক কোটিৰো অধিক লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে।

যোৱা কিছু দিনৰ পৰা ক’ৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

যোৱা ৪ ঘণ্টাত ২০,৩৪৬ গৰাকী লোক নতুনকৈ ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ উপৰি ২২২ গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জনায়।

এতিয়ালৈকে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১,৫০,৩৩৬ গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ভাৰতত এই পৰ্যন্ত ১,০৩,৯৫,২৭৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

কিন্তু আক্ৰান্তৰ ভিতৰৰ ১,০০,১৬,৮৫৯ গৰাকী লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে।

দেশত এতিয়া সক্ৰিয় ৰোগী আছে ২,২৮,০৮৩ গৰাকী। যোৱা ২৪ ঘণ্টাত ১৯,৫৮৭ গৰাকী লোক ক’ৰ’নামুক্ত হৈছে।

Related News