NORTHEAST NOW (Assamese)

Covid-19 Update: দেশত সামান্য নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; পজিটিভিটিৰ হাৰ প্ৰায় ২০ শতাংশ

January 17, 2022 2:11 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশত ক’ৰনাৰ দ্ৰুত সংক্ৰমণ অব্যাহত থকাৰ মাজতে আজি দৈনিক সংক্ৰমণ সামান্য নিম্নগামী দেখা গৈছে যদিও এতিয়াও কৰ’নাৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পোৱা নাই। সেইদৰে দেশত কৰ’না পজিটিভিটিৰ হাৰ প্ৰায় ২০শতাংশ স্পৰ্শ কৰিছে

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২ লাখ হাজাৰ ৮জন লোক।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ হাজাৰ ২০৯জন।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩৮৫ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে এই সংখ্যা আছিল ৩১৪জন।  

লগতে পঢ়ক: দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অনিশ্চিত অসমৰ প্ৰতীকপট! উপেক্ষিত শ্বহীদ কনকলতা

সামগ্ৰিকভাৱে দেশত মৃত্যু হোৱা কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৪ লাখ ৮ হাজাৰ ৪৫১ জনলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ১ লাখ ৫১ হাজাৰ ৭৪০ জন লোক।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৫৬ হাজাৰ ৩৪১ জন।

যোৱা ২৪ ঘন্টাত দেশত ১লাখ ১৩হাজাৰ ১৪৪ জনতকৈয়ো অধিক লোকৰ কৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১৯.৬৫শতাংশৰ ৰিপ’ৰ্ট পজিটিভ ধৰা পৰিছে।

Related News