NORTHEAST NOW (Assamese)
অসম

Covid-19 Update: দেশত ২৪ ঘটনাত আক্ৰান্ত ২লাখ ৬৮হাজাৰ; অ’মিক্ৰণ আক্ৰান্ত ৬হাজাৰ অতিক্ৰম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2022 10:36 am
omicron5

দেশত ক’ৰনাৰ উৰ্দ্ধমুখী সংক্ৰমণ অব্যাহত থকাৰ মাজতে দৈনিক সংক্ৰমণে উদ্বিগ্ন কৰি ৰাখিছে স্বাস্থ্যসেৱা খণ্ডক সেইদৰে কৰ’নাৰ চিকিৎসাধীন ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৬ হাজাৰ ৮৩৩জন লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২লাখ ৬৪ হাজাৰ ২০২ জন লোক।

ইপিনে, দেশত মুঠ অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা হৈছেগৈ হাজাৰ ৪১ জন।

লগতে পঢ়ক: ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ দৌৰত কোন এই ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনাক?

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৪০২ জন লোকৰ মৃত্যু হৈছে। সামগ্ৰিকভাৱে দেশত মৃত্যু হোৱা কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৪ লাখ ৮৫ হাজাৰ ৭৫২ জনলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ১ লাখ ২২ হাজাৰ ৬৮৪ জন লোক। সেইদৰে দেশত এতিয়ালৈকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ লোকৰ সংখ্যা হৈছে ৩ কোটি ৪ লাখ ৪৭ হাজাৰ ৩৯০ জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ১৭ হাজাৰ ৮২০ জন।

লগতে পঢ়ক:মহানগৰীত উৰুকাৰ উছাহ! গুৱাহাটীত উৰুকাৰ নিশা বিক্ৰী হ’ল ২.৭৫কোটি টকাৰ বিলাতী সুৰা

দেশত বৰ্তমানলৈকে ১৫ কোটিকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত ৫৮ লাখ লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে, যোৱা ২৪ ঘন্টাত দেশত ১লাখতকৈয়ো অধিক লোকৰ কৰ’না টেষ্ট কৰা হৈছে।