NORTHEAST NOW (Assamese)
অসম

Covid-19 Update: অ’মিক্ৰণৰ গণ সংক্ৰমণৰ মাজতে দেশত নিম্নগামী কোভিডৰ দৈনিক সংক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2022 11:13 am
Covid India

দেশত কোভিড-১৯ৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ গণ সংক্ৰমণে জনসাধাৰণক শংকিত কৰি ৰখাৰ মাজতে দৈনিক সংক্ৰমণ নিম্নগামী হোৱা দেখা গৈছে যদিও পজিটিভিটিৰ হাৰ যথেষ্ট উৰ্দ্ধমুখী হৈছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ৩ লাখ হাজাৰ ৬৪ গৰাকী লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেওবাৰে দেশত লাখ ৩৩হাজাৰ ৫৩৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল। পূৰ্বৰ দিনত তুলনাত সোমবাৰে দৈনিক আক্ৰান্ত ২৭লাখ ৪৬৯গৰাকী কম হৈছে।

লগতে পঢ়ক: বাইহাটা চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ তিনিজন যুৱকৰ মৃতদেহ

দেশত বৰ্তমান পজিটিভিটিৰ হাৰ হৈছে ২০.৭৫ শতাংশ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৪৩৯গৰাকী। দেওবাৰে দেশত ৫২৫ গৰাকী লোকৰ মৃত্যু হৈছিল।

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ৪লাখ ৮৯হাজাৰ ৮৪৮ গৰাকী।

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ২ লাখ ৪৯ হাজাৰ ৩৩৫গৰাকী।

দেশখনত আজি কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ২লাখ ৪৩হাজাৰ ৪৯৫গৰাকী।

লগতে পঢ়ক: চুবুৰীয়াৰ বিস্ফোৰক অভিযোগ; বলীউদ তাৰকা চলমান খানৰ ফাৰ্মহাউছত তাৰকাসকলৰ কবৰ!

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে ৩কোটি ৬লাখ ৪৩হাজাৰ ৮৪৫গৰাকী।

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যাই ১৬ কোটি ২৬ লাখ অতিক্ৰম কৰিছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ১লাখ ৭হাজাৰ ৭৫৩ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে।