NORTHEAST NOW (Assamese)

Covid-19 Update: দেশত দৈনিক সংক্ৰমণ সামান্য নিম্নগামী হ’লেও পজিটিভিটিৰ হাৰ উদ্বেগজনক

January 23, 2022 11:01 am · এন ই নাও নিউজ, গুৱাহাটী

দেশত কোভিড-১৯ৰ সংক্ৰমণে জনসাধাৰণক শংকিত কৰি ৰখাৰ মাজতে দৈনিক সংক্ৰমণ সামান্য নিম্নগামী হ’লেও পজিটিভিটিৰ হাৰ তথা সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যাই উদ্বিগ্নতা বৃদ্ধি কৰি ৰাখিছে

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ৩ লাখ ৩হাজাৰ ৫৩৩ গৰাকী লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে। শনিবাৰে দেশত ৩লাখ ৩৭হাজাৰ ৭০৪ গৰাকী লোক আক্ৰান্ত হৈছিল

দেশত বৰ্তমান পজিটিভিটিৰ হাৰ হৈছে ১৭.৮৮ শতাংশ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৫২৫গৰাকী। শনিবাৰে দেশত ৪৮৮ গৰাকী লোকৰ মৃত্যু হৈছিল।

লগতে পঢ়ক: Covid Update: ৰাজ্যত নতুনকৈ ২৪ ঘন্টাত কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ৪লাখ ৮হাজাৰ ৪০৯ গৰাকী।

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ২১ লাখ ৮৭ হাজাৰ ২০৫ গৰাকী। পূৰ্বৰ দিনৰ তুলনাত এয়া প্ৰায় ৭৩হাজাৰ অধিক।

দেশখনত আজি কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ২লাখ ৫৯হাজাৰ ১৬৮গৰাকী।

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে ৩কোটি ৬লাখ  ৩৫০গৰাকী।

লগতে পঢ়ক: সেয়া মৰম নাছিল যদি, আছিলনো কি? ’পূৰ্বৰ প্ৰেমিক’ ঋষভ পন্টক ট্ৰোল কৰি ভাইৰেল উৰ্বশী!

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যা ১৬১ কোটি ৯২ লাখ অতিক্ৰম কৰিছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ১৮লাখ ৭৫হাজাৰ ৫৩৩ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে।

Related News