NORTHEAST NOW (Assamese)
অসম

যোৱা ২৪ ঘণ্টাত পুনৰ ৫০,০০০ ৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2020 10:20 am
যোৱা ২৪ ঘণ্টাত পুনৰ ৫০,০০০ ৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত

ভাৰতত ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৬ লাখৰ ঘৰ।

প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধত আক্ৰান্ত হৈছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত ৫৪,০৪৪ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭৬,৫১,১০৮ লৈ বৃদ্ধি পালে।

আনহাতে বিগত ২৪ ঘণ্টাত দেশৰ ৭১৭ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে। মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,১৫,৯১৪ গৰাকী।

বৰ্তমান ভাৰতত ৭,৪০,০৯০ গৰাকী ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে ৬৭,৯৫,১০৩ গৰাকী লোক ক’ৰ’নামুক্ত হৈছে। এই তথ্য আগবঢ়াইছে দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে।

ইফালে, আই চি এম আৰে জনোৱা মতে দেশত এই পৰ্যন্ত ৯,৭২,০০,৩৭৯ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১০,৮৩,৬০৮ গৰাকী লোকৰ টেষ্ট কৰা হৈছিল মঙলবাৰে।

উল্লেখ্য যে বৰ্তমান দেশৰ ২২ খন ৰাজ্যত ২০,০০০তকৈ কম সক্ৰিয় ৰোগী আছে আৰু ১৩খন ৰাজ্যত ২০ হাজাৰৰ অধিক কিন্তু ৫০ হাজাৰৰ কম ৰোগী সক্ৰিয় হৈ আছে।

আনহাতে তিনিখন ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়াও ৫০ হাজাৰতকৈ অধিক আছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে জনায়।