NORTHEAST NOW (Assamese)

Covid-19 Update অ’মিক্ৰণৰ উদ্বিগ্নতাৰ মাজতে দেশত নিম্নগামী দৈনিক সংক্ৰমণ; পুনৰ বৃদ্ধি মৃত্যুৰ সংখ্যা

December 21, 2021 11:23 am · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update দেশত অ’মিক্ৰণৰ সংক্ৰমণ উদ্বিগ্নতা অব্যাহত থকাৰ মাজতে কৰ’নাৰ দৈনিক সংক্ৰমণ নিম্নগামী হোৱাবিপৰীতে মৃত্যুৰ সংখ্যা পুনৰ বৃদ্ধি পালে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৩২৬জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল হাজাৰ ৫৬৩জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৪৫৩ জন লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ১৩২জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭ হাজাৰ জন।

Also Read: জন্মদিন পালন কৰিবলৈ আহি সৰভোগৰ বেঁকী নৈৰ দলঙত অগ্নিদগ্ধ যুৱক-যুৱতী; হাস্পাতালত ভৰ্তি

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৮হাজাৰ ৪৩ জন লোক সুস্থতাৰ হাৰ ৯৮.৪০ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪১ লাখ ৯৫ হাজাৰ ৬০জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৭৯ হাজাৰ ৯৭জন।

বৰ্তমানলৈ দেশত ১৩কোটি ৩৪ লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৬৪লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে, যোৱা ২৪ ঘন্টাত ১০ লাখ ১৪হাজাৰ ৭৯জন লোকৰ কোভিড নমুনা পৰীক্ষা কৰা হৈছে।

Also Read:ভ্ৰমণ বিলাসী ধনকুবেৰ! ৬০০ কোটি টকা খৰচ কৰি ক’ৰ পৰা ঘুৰি আহিল এইগৰাকী মহাজন?

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বাঢ়িছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে। 

Related News