NORTHEAST NOW (Assamese)

Covid-19 Update দেশত অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ৫৭৮ জনলৈ বৃদ্ধি; নিম্নগামী সংক্ৰমণ

December 27, 2021 11:50 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

Covid-19 Update ’মিক্ৰণৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ সময়তে দেশত এই ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্যা ৫৭৮জনলৈ বৃদ্ধি পাইছে। ইপিনে, দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও পুনৰ বৃদ্ধি পাইছে মৃত্যুৰ হাৰ।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৫৩১জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল হাজাৰ ৯৮৭ জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩১৫ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে দেশত কৰ’নাত ১৬২জন লোকৰ মৃত্যু হৈছিল।

Also Read: ‘গ্ৰে হাউণ্ড’ বাহিনীৰ নক্সালবিৰোধী অভিযান; সংঘৰ্ষত নিহত ৬জন মাওবাদী

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৯ হাজাৰ ৯৯৭জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭হাজাৰ ১৪১ জন লোক

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪২ লাখ ৩৭ হাজাৰ ৪৯৫জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৮৪১জন।

Also Read: মৰ্মান্তিক! খেল চলি থকাৰ সময়ত খেলপথাৰতে প্ৰাণ গ’ল ফুটবলাৰৰ

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বাঢ়িছে।

ইপিনে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে। 

Related News