NORTHEAST NOW (Assamese)

Covid-19 Update অ’মিক্ৰণে উদ্বিগ্ন কৰি ৰাখিলেও দেশত হ্ৰাস পাইছে কৰ’নাৰ দৈনিক সংক্ৰমণ

December 20, 2021 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update দেশত অ’মিক্ৰৰ সংক্ৰমণ উদ্বিগ্নতা অব্যাহত ৰাখিলেও কৰ’নাৰ দৈনিক সংক্ৰমণৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে।

দেশত অ’মিক্ৰণত ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্যা ১৫০অতিক্ৰম কৰিছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৫৬৩ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৭ হাজাৰ ৮১জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ১৩২ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে এই সংখ্যা আছিল ২৬৪জন।

Also Read: পানামা পেপাৰ্ছ কেলেংকাৰীত শলঠেকত ঐশ্বৰ্য ৰায়; জেৰাৰ বাবে পুনৰ ইডিৰ চমন

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৭ হাজাৰ ৫৫৪জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৭৭ জন লোক সুস্থতাৰ হাৰ ৯৮.৩ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪১ লাখ ৮৭ হাজাৰ ১৭জন

Also Read:মিছা নদীত উদ্ধাৰ মহিলাৰ মৃতদেহ; আৰক্ষীৰ তদন্ত অব্যাহত

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৮ হাজাৰ ২৬৭জন। এয়া বিগত ৫৭ দিন ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগীৰ সংখ্যা  

বৰ্তমানলৈ দেশত ১৩৭ কোটিতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ১৫ লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বাঢ়িছে।

Also Read:Breaking News মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে। 

Related News