NORTHEAST NOW (Assamese)

Covid-19 Update অ’মিক্ৰণৰ আতংকৰ মাজতো সুস্থিৰ দেশ; নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ

December 13, 2021 12:07 pm · এন ই নাও নিউজ, গুৱাহাটী

Covid-19 Update দেশত অ’মিক্ৰনৰ আতংক বৃদ্ধি পোৱাৰ মাজতে ক্ৰমে নিম্নগামী হৈছে কৰ’নাৰ দৈনিক সংক্ৰমণ। সেইদৰে সুস্থতাৰ হাৰো যথেষ্ট বৃদ্ধি পাইছে।  

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৭ হাজাৰ ৩৫০জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৭ হাজাৰ ৭৭৪ জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২০২জন লোকৰ মৃত্যু হৈছে। দেওবাৰে দেশত কৰ’নাত আক্ৰান্ত হৈ ৩০৬ জন লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৫ হাজাৰ জন।

Also Read: পথাৰত সমূহীয়া ন-খোৱা উৎসৱ; হেৰাই যাব ধৰা পৰম্পৰা নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৯৭৩ জন লোকসুস্থতাৰ হাৰ ৯৮.৩৭ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪১ লাখ ৩০ হাজাৰ ৭৬৮জন

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯ হাজাৰ ৪৫৬জন। এয়া বিগত ৫৬১দিনৰ ভিতৰত সৰ্বনিম্ন।  

বৰ্তমানলৈ দেশত ১৩ কোটি  ১৭লাখ ৮৪ হাজাৰ ৪৬২ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

Also Read: Vladimir Putin: অভাৱত পৰি টেক্সি চলাইছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়ালৈকে দেশত মুঠ ৩জন অ’মিক্ৰণ আক্ৰান্ত ধৰা পৰিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে। 

Related News