NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাৰ ভয়ংকৰ সংহাৰ: এদিনতে আক্ৰান্ত ১ লাখ ২৬ হাজাৰ ৭৮৯ গৰাকী লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 2:50 pm
a corp

ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌৱে এপিনৰ মহতিয়াই নিছে সমগ্ৰ দেশকে। বিগত ২৪ ঘণ্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত হৈছে ১ লাখ ২৬ হাজাৰ ৭৮৯ গৰাকী লোক

ক’ৰ’ণাই এতিয়া পুনৰ ৰুদ্ৰৰ মূতি ধৰি ৰাজ্যই ৰাজ্যই সংহাৰ চলাই গৈছে।

এই গতি অব্যাহত থাকিলে দেশত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১২,৯২৮,৫৭৪ গৰাকী । দেশত এতিয়া সক্ৰিয় ক’ৰ’ণা ৰোগীৰ সংখ্যা হৈছেগৈ ৯১০,৩১৯ গৰাকী।

এওঁলোকৰ মাজৰে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১ কোটি ২৯ লাখ ২৮ হাজাৰ ৫৭৪ গৰাকী।

দেশত বৰ্তমান ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ৭ লাখ ৪১ হাজাৰ ৮৩০ গৰাকী।

২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৬৮৫ গৰাকী লোকে।

সমগ্ৰ দেশতে কাল ক’ৰ’ণাই প্ৰাণ কাঢ়ি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৬৬ হাজাৰ ৮৬২

গৰাকী।

এইবাৰো ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ।

ৰাজ্য খনত জাৰি কৰা হৈছে নাইট কাৰ্ফিউ।বিহাৰত ১০ এপ্ৰিল পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয়।

দিল্লীত ঘোষণা কৰা হৈছে নৈশ সান্ধ্য আইন।

দেশৰ ১৩৩ কোটি জনতাৰ ভিতৰত মাত্ৰ ৯ কোটি ০১ লাখ ৯৮ হাজাৰ ৬৭৩ গৰাকী লোককহে এতিয়ালৈকে কোভিডৰ ভেকচিন প্ৰদান কৰিব পৰা হৈছে।

উক্ত বৈঠকতে ৰাজ্য ভেদে লকডাউন সম্পৰ্কীয় আলোচনাও হ’ব বুলি ধাৰণা কৰা হৈছে।