NORTHEAST NOW (Assamese)
অসম

ভাৰতত ৫১ লাখ অতিক্ৰম ক’ৰ’না আক্ৰান্তৰ সংখ্যা; মৃতকৰ সংখ্যা ৮৩,১৯৮ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2020 2:05 pm
ভাৰতত ৫১ লাখ অতিক্ৰম ক’ৰ’না আক্ৰান্তৰ সংখ্যা; মৃতকৰ সংখ্যা ৮৩,১৯৮ গৰাকীলৈ বৃদ্ধি

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰে দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ বুধবাৰৰ পুৱা ৮ বজাৰ পৰা বৃহস্পতিবাৰৰ পুৱা ৮ বজালৈকে দেশত ৯৭,৮৯৪ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ১১৩২ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৫১ লাখ অতিক্ৰম কৰাৰ বিপৰীতে এই পৰ্যন্ত মুঠ ৮৩,১৯৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, বৰ্তমান দেশত ১০,০৯,৯৭৬ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী আছে।

ইফালে ৪০,২৫,০৮০ গৰাকী ৰোগী সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে।

দৈনিক সংক্ৰমণৰ সংখ্যাই দেশবাসীক চিন্তিত কৰি তুলিলেও ভাল খবৰ এয়াই যে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যাৰ তুলনাত সুস্থ হৈ উঠাৰ সংখ্যা অধিক।