NORTHEAST NOW (Assamese)

নিজৰে পূৰ্বৰ স্থিতিত নাই চীন: গালৱান উপত্যকাক লৈ দাবীক সজোৰে অগ্ৰাহ্য ভাৰতৰ

June 20, 2020 10:04 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- Moneycontrol

ভাৰতে পূব লাডাখৰ গালৱান উপত্যকাত চীনে কৰা সাৰ্বভৌমত্বৰ দাবীক সজোৰে অগ্ৰাহ্য কৰিছে।

গালৱান উপত্যকাক লৈ চীনৰ দাবী অতীতত ইয়াৰ নিজৰ স্থিতি অনুসাৰে নহয়, দেশৰ বহিঃ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে শনিবাৰে কয়।

“গালৱান উপত্যকা অঞ্চলক লৈ স্থিতি ঐতিহাসিকভাৱে স্পষ্ট,” লাইন অৱ এক্সুৱেল কণ্ট্ৰ’ল সন্দৰ্ভত চীনৰ দাবীক অগ্ৰহণযোগ্য বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয়।

তেওঁ কয় যে চীনা পক্ষই কৰা উলংঘনৰ চেষ্টা ভাৰতীয় সৈন্যৰ যথাযথ সঁহাৰিৰ মুখামুখি হ’ল।

সীমান্তৰ বিষয়টো সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰ্যালয়ৰ মুখপাত্ৰগৰাকীয়ে এই মন্তব্য আগবঢ়ায়।

গালৱান উপত্যকাত ১৬ জুনত চীনা সেনাৰে হোৱা সংঘাতত ২০গৰাকী ভাৰতীয় সৈন্য ছহিদ হৈছিল।

Related News