NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰ প্ৰসংগত ইছলামিক দেশৰ স্থিতিক কঠোৰ সমালোচনা ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2020 12:06 pm
a ddddd

কাশ্মীৰ বিষয়কলৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে বিশ্বৰ ৫৭ খন ইছলামিক দেশে এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইছলামিক দেশসমূহৰ সংগঠন অৰ্গেনাইজেছন ফৰ ইছলামিক কোঅপাৰেছনৰ শেহতীয়া বৈঠকত কাশ্মীৰ প্ৰসংগত এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

নাইজেৰৰ ৰাজধানী নিয়ামত অনুষ্ঠিত সংস্থাটোৰ সদস্য ৰাষ্ট্ৰ সমূহৰ সন্মিলনত এই বুলি প্ৰস্তাৱ লোৱা হৈছে যে ভাৰতে সম্পূৰ্ণ অন্যায় ভাবে কাশ্মীৰৰ পৰা অঞ্চলটোৰ বিশেষ মৰ্যাদা কৰ্তন কৰিছে।

এই কাৰ্যৰ দ্বাৰা ভাৰত চৰকাৰে সাধাৰণ কাশ্মীৰী জনতাৰ স্বাধীনতা কাঢ়ি নিয়া বুলি উল্লেখ কৰি ৫৭ খন ইছলামিক দেশে কাশ্মীৰ প্ৰসংগত ভাৰতে গ্ৰহণ কৰা স্থিতি সলনি কৰিবলৈ দাবী জনায়।

ইছলামিক ৰাষ্ট্ৰ কেইখনৰ এনে দাবীৰ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি ভাৰতৰ বিদেশ দপ্তৰে এই বুলি কয় যে কাশ্মীৰৰ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বিষয়।

সেয়ে এই বিষিয়ত কোনো দেশে হস্তক্ষেপ কৰাটো ভাৰতে সহ্য নকৰে।

ইছলামিক দেশ সমূহৰ সংস্থাটোৱে এই বিষয়ত কৰা মন্তব্য দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰিছে ভাৰতে।

উল্লেখ্য কাশ্মীৰ প্ৰসংগত পাকিস্তানে বিশ্বৰ ইছলামিক দেশ সমূহক একত্ৰিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।