NORTHEAST NOW (Assamese)
অসম

অপ্ৰতিৰোধ্য ক’ৰ’না: এদিনতে ২ লক্ষাধিক লোক আক্ৰান্ত, মৃত্যু ১০৩৮ জনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 12:38 pm
COvid death

ক’ৰ’নাৰ অপ্ৰতিৰোধ্য গতিত এতিয়া দিশহাৰা হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগত বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহ।জনতা কাৰ্ফিউকে ধৰি নানান ব্যৱস্থা হাতত লোৱাৰ পিছতো কোনো পধ্যে ৰোধ কৰিব পৰা হোৱা নাই ক’ৰ’নাৰ সংক্ৰমণ। বিগত

কৰ’নাত আক্ৰান্তৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই দেশৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ২ লাখৰো অধিক লোক। সেইদৰে মৃত্যুৰ সংখ্যাও এহাজাৰ অতিক্ৰম কৰিছে। দেশত প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা লক্ষাধিক হৈছে।

সংক্ৰমণ ৰোধৰ বাবে কেইখনমান ৰাজ্যত জাৰি কৰা হৈছে নিশাৰ সান্ধ্য আইন। আনকি মহাৰাষ্ট্ৰত জাৰি কৰা হৈছে জনতা কাৰ্ফিউ।

বুধবাৰে পুৱা সদৰী কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ২ লাখ ৭৩৯ গৰাকী লোক। সেইদৰে যোৱা ২৪ ঘন্টাত কৰ’নাত মৃত্যু হৈছে ১,০৩৮ গৰাকী লোকৰ।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৪০ লাখ ৭৪ হাজাৰ ৫৬৪ গৰাকী লোক।

সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১ লাখ ৭৩ হাজাৰ ১২৩ গৰাকী।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৯৩,৫২৮ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ২৪ লাখ ২৯ হাজাৰ ৫৬৪ গৰাকী লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৪ লাখ ৭১ হাজাৰ ৮৭৭ গৰাকী।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ১১ কোটি ৪৪ লাখ ৯৩ হাজাৰ ২৩৮ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে।