NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংহাৰ : ভাৰতত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

June 19, 2020 10:24 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়াবহতাৰ ইংগিত বহন কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ১৩,৫৮৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৩৩৬ গৰাকী লোকৰ মৃত্যু হৈছে।

আক্ৰান্ত আৰু মৃত্যুৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে ২,৮০,৫৩২ গৰাকী আৰু মৃত্যু হৈছে ১২৫৭৩ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ১৬৩২৪৮ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২০৪৭১১ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে। ইয়াৰে এজন ৰোগী বিদেশলৈ গৈছে।

ক’ৰ’না সংক্ৰমণৰ হাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে, আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে দেশৰ ভিতৰত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত এতিয়ালৈকে ১,১৬,৭৫২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ৫৭৫১ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News