NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংহাৰ : ভাৰতত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

June 11, 2020 1:23 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়াবহতাৰ ইংগিত বহন কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৯৯৯৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৩৫৭ গৰাকী লোকৰ মৃত্যু হৈছে।

আক্ৰান্ত আৰু মৃত্যুৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২৮৬৫৭৯ গৰাকী আৰু মৃত্যু হৈছে ৮১০২ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ১৩৭৪৪৮ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৪১০২৯ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে দেশৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈচে মহাৰাষ্ট্ৰত। ৰাজ্যখনত এতিয়ালৈকে ৯০,৭৮৭ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ৩২৮৯ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News