NORTHEAST NOW (Assamese)
Popular Stories

ৰাজস্থানৰ কংগ্ৰেছী বিধায়কক ২৫ কোটিৰ টোপ বিজেপিৰ : মুখ্যমন্ত্ৰী গেহলটৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 1:57 pm
image

আগন্তুক ৰাজ্যসভা নিৰ্বাচনত ‘ঘোঁৰা’ ক্ৰয়ৰ বাবে সষ্টম হৈ উঠিছে বিজেপি দল।

এই অভিযোগ ৰাজস্থানৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী অশোক গেহলটৰ।

কৰ্ণাটক, মধ্য প্ৰদেশ, গুজৰাটৰ লগতে ৰাজস্থানতো কংগ্ৰেছী আৰু নিৰ্দলীয় বিধায়কক বিজেপি দলে টোপ দিয়াৰ গোপন প্ৰস্তুতি চলাইছে।

গেহলটৰ অভিযোগ মতে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু নিৰ্দলীয় বিধায়কক বিজেপিয়ে নিজ দললৈ আনিবলৈ ২৫ কোটিৰ টকাৰ টোপ দিছে।

অগ্ৰিমভাৱে ১০ কোটি টকা দিয়াৰো লোভ দিছে বিজেপি দলে।

উল্লেখ্যে অহা ১৯ জুনত ৰাজস্থানৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে, ইতিমধ্যে কংগ্ৰেছৰ বিধায়কসকলক জয়পুৰৰ এখন বিলাসী ৰিজ’ৰ্টত আৰক্ষীৰ পহৰাত ৰখা হৈছে।

মুখ্যমন্ত্ৰী গেহলটে অভিযোগ কৰিছে যে মধ্য প্ৰদেশৰ দৰে ৰাজস্থানতো বিজেপিয়ে কংগ্ৰেছ বিধায়ক ক্ৰয় কৰা প্ৰচেষ্টা কৰিছে।

ইফালে গেহলটে অভিযোগ কৰাৰ পূৰ্বে কংগ্ৰেছৰ লগতে ১৫ গৰাকী নিৰ্দলীয় বিধায়ক জয়পুৰৰ ‘শিৱ বিলাস’ ৰিজ’ৰ্টলৈ লৈ যোৱা হয়।

বিজেপিৰ এই টোপৰ কথা স্বীকাৰ কৰিছে নিৰ্দলীয় বিধায়ক মহাদেউ সিংহ খণ্ডলাৱে।

তেওঁ কয় যে ‘মই কংগ্ৰেছৰ লগত থাকিম।মই কেতিয়াও টোপ নিগিলো।’

ইফালে বিজেপিৰ বিধায়ক ক্ৰয় ৰোধ কৰিবলৈ কংগ্ৰেছ বিধয়াকসকলক জয়পুৰৰ ৰিজ’ৰ্ট ৰখা বুলি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত উল্লেখ কৰিছে কংগ্ৰেছ নেতা মহেশ যোশীয়ে।

আনহাতে ৰাজস্থান ৰাজ্যিক বিজেপিৰ সভাপতি সতীশ পুনীয়াই কংগ্ৰেছৰ এই অভিযোগ খণ্ডন কৰি কৈছে যে ‘এইটোৱে প্ৰমাণ কৰিছে যে কংগ্ৰেছৰ নিজৰ বিধায়কসকলৰ ওপৰতেই বিশ্বাস আৰু ভৰসা নাই।’