NORTHEAST NOW (Assamese)

শংকিত নহ’ব; ভাৰতত এদিনতে সুস্থ হৈ উঠিল ৭০৫ গৰাকী ক’ৰ’না আক্ৰান্ত

April 21, 2020 7:20 pm · এন ই নাও নিউজ

সমগ্ৰ দেশে ক’ৰ’না ভাইৰাছৰ সৈতে যুঁজি থকাৰ সময়তে সোমবাৰে ভাৰতত মুঠ ৭০৫ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে।

ভাৰতত বৰ্তমানলৈ এদিনত ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত এয়া অভিলেখ বুলি সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে উল্লেখ কৰে।

সোমবাৰে ভাৰতত এদিনত সৰ্বাধিক সংখ্যক ৭০৫ গৰাকী ৰোগী ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠাৰ পাছত দেশত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ পৰিসংখ্যা ১৭.৪৮ শতাংশলৈ উন্নীত হয়।

আনহাতে, বৰ্তমান দেশত ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ১৯,০০০ অতিক্ৰম কৰিছে আৰু ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৬০৩ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশত ৩ মে’লৈ ল’কডাউন বৃদ্ধি কৰিছে যদিও ২১ এপ্ৰিলৰ পৰা কিছু কিছু ৰাজ্যত সাময়িকভাৱে ল’কডাউন শিথিল কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে, গোৱা, মণিপুৰ, অৰুণাচলত ক’ৰ’নাত আক্ৰান্ত হোৱা সকলো ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

Related News