NORTHEAST NOW (Assamese)
অসম

চেন্নাইত ৩৩৭ৰাণত অল আউট ভাৰত; ৱাশ্বিংটন সুন্দৰৰ অপৰাজিত ৮৪ৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2021 11:54 am
etrt1qlvoaaff8z-sixteen_nine

চেন্নাইত অনুষ্ঠিত ভাৰত-ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্টত প্ৰথম ইনিংছত ২৪১ৰাণত আগবাঢ়ি থাকিল ইংলেণ্ড। অৱশ্যে, ইংলেণ্ডে ভাৰতক ফল’অন কৰাৰ পৰিৱৰ্তে পুনৰ বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি সম্ভৱত: আৰু ৬৬ অভাৰৰ খেল হ’ব পাৰে। ইয়াৰ ভিতৰত ভাৰতীয় বলাৰে কেইটা উইকেট দখল কৰিব পাৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

ইংলেণ্ডৰ বেটিং ব্ৰিগেডক যিমান শীঘ্ৰে আউট কৰিব পাৰে সিমানেই ভাৰতৰ বাবে সকাহ হ’ব পাৰে। এই মুহূৰ্তত খেলখন ড্ৰ’ হোৱাৰে সম্ভাৱনা অধিক দেখা গৈছে।

ভাৰতৰ হৈ প্ৰথম ইনিংছত ৰোহিত শৰ্মাই ৬ৰাণ, গীলে ২৯ৰাণ, পূজাৰাই ৭৩ৰাণ, কোহলিয়ে ১১ৰাম, ৰাহানে ১ ৰাম, পন্টে ৯১ৰাণ, সুন্দৰে অপৰাজিত ৮৪ৰাণ, অশ্বিনে ৩১ৰাণ, ইশান্তে ৪ৰাণ, নদিমে আৰু বুমৰাহে ০ৰাণ কৰে।

ব্ৰীছবেনত অভিষেক টেষ্টতেই দুৰ্দান্ত অৰ্দ্ধশতক কৰা ৱাশ্বিংটন সুন্দৰে এইবাৰ চেন্নাইতো প্ৰথম ইনিংছত অৰ্দ্ধ শতৰাণ কৰে।

টীম ইণ্ডিয়াৰ যুৱ অলৰাউণ্ডাৰ সুন্দৰে ৮২টা বল খেলি ৯টা বাউণ্ডেৰিৰ সহায়ত অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে।

উল্লেখযোগ্য যে দেওবাৰে ঋষভ পন্টে এক বিস্ফোৰক ইনিংছ খেলি ৯১ ৰাণ কৰে।