NORTHEAST NOW (Assamese)

স্মৃতি-প্ৰতীকাৰ দুৰ্দান্ত শতক! নিউজিলেণ্ডক বিধ্বস্ত কৰি বিশ্বকাপৰ ছেমিফাইনেলত উইমেন ইন ব্লু

October 24, 2025 8:03 am · এন ই নাও নিউজ, গুৱাহাটী

শেষ আশাৰ দুৰ্দান্ত হেঁপাহেৰে জিলিকি উঠিল ভাৰতৰ বেটিং লাইন আপ। বলাৰসকলেও যোগ্য সহযোগিতা আগবঢ়ালে। ফলত উইমেন ইন ব্লুয়ে সহজেই নিউজিলেণ্ডক হৰুৱাই বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে।

বৃহস্পতিবাৰে নিউজিলেণ্ডে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ প্ৰেৰণ কৰে। একেৰাহে তিনিখন মেচত পৰাস্ত হোৱাৰ পিছত এই মেচত ভাৰতে প্ৰত্যাৱৰ্তনৰ প্ৰয়োজন আছিল। সেয়ে, বেটিং শক্তিশালী কৰিবলৈ অমনজ্যোত কৌৰৰ ঠাইত জেমাইমা ৰড্ৰিগেজক ঘূৰাই অনা হয়।

মেচখনত আৰম্ভণিৰে পৰাই স্মৃতি-প্ৰতীকাৰ অপেনিং যুটিয়ে ধুমুহাৰ সৃষ্টি কৰিছিল। অৱশ্যে দুয়োৰে মাজত স্মৃতি বহুত বেছি আক্ৰমণাত্মক আছিল। তাৰ তুলনাত প্ৰতীকাৰ ৰান ৰেট অলপ লেহেমীয়া আছিল। শেষত স্মৃতি মান্ধনাই ১০৯ ৰান সংগ্ৰহ কৰে। প্ৰতিকা ৰাৱালৰ সংগ্ৰহ ১২২ৰান।

এই শতকৰ জৰিয়তে মহিলা ক্ৰিকেটৰ সৰ্বাধিক শতকৰ তালিকাত এতিয়া দ্বিতীয় স্থানলৈ উঠিল স্মৃতি। আনহাতে, বিশ্বকাপৰ মঞ্চত প্রতীকাই প্ৰথম শতক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়টো শতক অৰ্জন কৰে।

জেমাইমা ৰড্ৰিগেছে ৫৫টা বলত অপৰাজিত ৭৬ ৰান সংগ্ৰহ কৰে। অৱশেষত ভাৰতে ৩ উইকেটত ৩৪০ ৰান কৰে।বৰষুণৰ বাবে ভাৰতে সম্পূৰ্ণ ইনিংছ খেলিব নোৱাৰিলে। ৪৯ অভাৰতে অন্ত পৰিল ইনিংছৰ। এক অৰ্থত নিউজিলেণ্ডৰ কোনো  বলাৰেই ভাৰতীয় বেটছমেনৰ সন্মুখত পৰাক্ৰম দেখুৱাব নোৱাৰিলে।

বৰষুণৰ বাবে নিউজিলেণ্ডৰ হৈ অভাৰ আৰু টাৰ্গেট দুয়োটা হ্ৰাস পায়। কিন্তু ডাকৱৰ্থ-লুইছ পদ্ধতিৰ বাবে আস্কিং ৰেট বৃদ্ধি পায়। ৪৯ অভাৰত ৩৪১ ৰানৰ পৰিৱৰ্তে ৪৪ অভাৰত ৩২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।

তাৰ পিছত, ক্ৰান্তি গৌৰে আৰম্ভণিতে চুজি বেটছ (১)ক ঘূৰাই পঠিয়ায়। উঠাই মাৰিবলৈ চেষ্টা কৰোতে কভাৰ পইণ্টত কেচ আউট হয়। পঞ্চাশ ৰানৰ ভিতৰত আৰু দুটা উইকেট হেৰুৱায় নিউজিলেণ্ডে। ৰেনুকা সিঙে জৰ্জিয়া প্লিমাৰ (৩০) আৰু ছফী ডেভাইন (৬)ক ঘূৰাই পঠিয়ায়। স্ক’ৰ আছিল ৫৯/৩। তেতিয়ালৈকে নিউজিলেণ্ডৰ ইনিংছ ১১.৩ অভাৰ পুৰণি হৈছিল।

এইবাৰ যে যুঁজখন আৰু কঠিন হৈ পৰিছে সেয়া স্পষ্ট হৈ পৰিছিল। আৰু তেনেকুৱাই হৈছিলো। সময়ৰ লগে লগে নিয়মীয়াকৈ উইকেট পৰি আহিছিল। ৰান উঠিছিল। কিন্তু যিমান ক্ষিপ্ৰতাৰে উঠিব লাগিছিল সিমান ক্ষিপ্ৰতাৰে উঠা নাছিল। আৰু সেইটোৱেই ক্ৰমান্বয়ে মেচখনৰ ভাগ্য নিশ্চিত কৰি আনিছিল। ব্ৰুক হেলিডে (৮১) আৰু আমেলিয়া হেলিডে (৪৫) যুঁজ দিছিল যদিও স্মৃতি বাহিনীক পৰাস্ত কৰিবলৈ সেয়া যথেষ্ট নাছিল। ইছাবেলা গেজে ৬৫ ৰানত অপৰাজিত হৈ থাকে।

স্বাভাৱিৰকতে ৪৫ অভাৰতকৈ কম সময়ত ৩৫০ ৰানৰ ওচৰ চাপিবলৈ হ’লে স্ক’ৰিং গিয়াৰৰ গতি বৃদ্ধি কৰিব লাগিছিল। হয়তো পৰিকল্পনা আছিল মেচখন চমুৱাই আনি ৰানৰ গতি বৃদ্ধি কৰা। কিন্তু সেয়া নহ’ল। খেল শেষ হোৱাৰ বহু আগতেই স্পষ্ট হৈ পৰিছিল যে খেলখন শেষ হৈ আহিছে।

শেষ দুটা অভাৰত ৬৪ ৰানৰ প্ৰয়োজন হৈছিল। অৱশেষত নিউজিলেণ্ডে মেচখনত ৫৩ ৰানত পৰাস্ত হয়। ভাৰতেও ছেমিফাইনেলৰ দুৱাৰ মুকলি কৰে। স্মৃতি বাহিনীৰ অন্তিমখন খেল অহা দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে আছে। সেই মেচখন এতিয়া কেৱল নিয়ম ৰক্ষাৰ খেলহে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ৪৯ অভাৰত ৩৪০/৩ (প্ৰতীকা ১২২, স্মৃতি ১০৯, জেমাইমা ৭৬ নট আউট)

নিউজিলেণ্ডঃ ৪৪ অভাৰত ২৭১/৮ (ব্ৰুক হেলিডে ৮১, ৰেনুকা ২৫/২)

ডি এল এছ পদ্ধতিৰে ৫৩ ৰানত জয়লাভ কৰে ভাৰতে।

Related News