NORTHEAST NOW (Assamese)
ক্ৰীড়া

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল: সীমিত অভাৰৰ শৃংখলাত নাই কোহলী-ৰোহিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2023 8:58 pm
India Squad For South Africa Tour

অহা ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে আজি দল ঘোষণা কৰিছে বিচিচিআয়ে। তিনিওটা ফৰ্মেটৰ বাবে ঘোষণা কৰা ভাৰতীয় দলক প্ৰতিটো ফৰ্মেটতে নেতৃত্ব প্ৰদান কৰিব পৃথক পৃথক অধিনায়কে।

চৰ্চা চলাৰ দৰেই সীমিত অভাৰৰ শৃংখলাৰ বাবে দলত নাই নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী। প্ৰকাশিত খবৰ অনুসৰি, দুয়ো তাৰকাই সীমিত অভাৰৰ শৃংখলাত বিৰতিৰ বাবে ব’ৰ্ডক অনুৰোধ জনাইছিল আৰু সেয়েহে তেওঁলোকক দলত অন্তৰ্ভুক্ত কৰা নাই।

অৱশ্যে দুয়োগৰাকী তাৰকাই টেষ্ট দলৰ অংশ হ’ব। টেষ্ট দলৰ নেতৃত্বত থাকিব ৰোহিত শৰ্মাই। আনহাতে সূৰ্যকুমাৰ যাদৱক টি-২০ দলৰ অধিনায়ক হিচাপে দায়িত্ব দিয়াৰ বিপৰীতে কে এল ৰাহুলে এদিনীয়া দলৰ নেতৃত্ব দিব।

উল্লেখ্য যে, এই ভ্ৰমণত ভাৰতীয় ক্ৰিকেট দলে ঘৰুৱা দল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু তিনিখন এদিনীয়া মেচৰ শৃংখলা আৰু তাৰ পিছত দুখন মেচৰ টেষ্ট শৃংখলাত ভাগ ল’ব।

টি-২০ৰ বাবে ঘোষিত দলটোত সহ: অধিনায়ক হিচাপে ৰবীন্দ্ৰ জাদেজাক দায়িত্ব দিয়া হৈছে। আনহাতে পেচাৰ দীপক চাহাৰৰ টি-২০ৰ লগতে এদিনীয়া দললৈও প্ৰত্যাৱৰ্তন ঘটিছে। ইফালে নতুন মুখ হিচাপে এদিনীয়া দলত স্থান পাইছে ছাই সুদৰ্শনে।

ইতিপূৰ্বে এবাৰ ভাৰতীয় দললৈ আমন্ত্ৰিত হৈয়ো আঘাতৰ বাবে সুযোগ লাভ নকৰা ৰজত পাটিদাৰক এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন ঘটিছে সঞ্জু চেমচন আৰু লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালৰ।

ইফালে দুখন মেচৰ টেষ্ট শৃংখলাৰ বাবে ঘোষিত দলত আশ্চৰ্যকৰভাৱে বাদ পৰিছে দুই টেষ্ট বিশেষজ্ঞ আজিংক্যা ৰাহানে আৰু চেতেশ্বৰ পূজাৰা। মিডল অৰ্ডাৰত এই দুই তাৰকাৰ বিপৰীতে ৰাহুল আৰু আয়াৰক স্থান দিয়া হৈছে।

উইকেটৰক্ষক হিচাপে ৰাহুলৰ লগতে ঈষাণ কিষানক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শৰ্মাই দলত নেতৃত্ব বহন কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহক সহ: অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

টি-২০ৰ দল: য়শস্বী জয়ছোৱাল, শুভমন গিল, ৰুতুৰাজ গাইকোৱাড, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, ৰিংকু সিং, শ্ৰেয়স আয়াৰ, ঈশান কিষাণ, জিতেশ শৰ্মা, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, কুলদীপ যাদৱ, অৰ্শ্বদীপ সিং, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, দীপক চাহাৰ।

এদিনীয়া দল: ৰুতুৰাজ গাইকোৱাড, ছাই সুদৰ্শন, তিলক বাৰ্মা, ৰজত পাটিদাৰ, ৰিংকু সিং, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল, সঞ্জু চেমচন, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, মুকেশ কুমাৰ, আভেশ খান, অৰ্শ্বদীপ সিং, দীপক চাহাৰ।

টেষ্ট দল: ৰোহিত শৰ্মা, শুভমন গিল, য়শস্বী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ৰুতুৰাজ গাইকোৱাড, ঈশান কিষাণ, কে এল ৰাহুল, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, মহম্মদ ছামি, যশপ্ৰীত বুমৰাহ, প্ৰসিধ কৃষ্ণ।