NORTHEAST NOW (Assamese)
Popular Stories

দীঘল চুলিৰে বিশ্ব অভিলেখ! ভাৰতীয় মহিলালৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2023 8:12 pm
Guinness World Records Smita Srivastava

ভাৰতৰ এগৰাকী মহিলাই নিজৰ চুলিৰে গঢ়িছে বিশ্ব অভিলেখ। দীঘল চুলিৰ বাবে মহিলাগৰাকীয়ে লাভ কৰিছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি। মহিলাগৰাকীৰ নাম স্মিতা শ্ৰীবাস্তৱ। ৪৬ বৰ্ষীয় শ্ৰীবাস্তৱ উত্তৰ প্ৰদেশৰ বাসিন্দা।

স্মিতা শ্ৰীবাস্তৱক শেহতীয়াকৈ জীৱিত ব্যক্তিৰ আটাইতকৈ দীঘল চুলিৰ অধিকাৰী হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে স্বীকৃতি প্ৰদান কৰিছে। ১৪ বছৰ বয়সৰ পৰাই চুলি কটাৰ পৰা বিৰত থাকি এই অভিলেখৰ অধিকাৰী হৈছে শ্ৰীবাস্তৱ।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি, শ্ৰীবাস্তৱৰ চুলিৰ দৈৰ্ঘ্য ৭ ফুট ৯ ইঞ্চি। গীনিজ ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ পিছতে আনন্দিত স্মিতা শ্ৰীবাস্তৱে কয় যে ভাৰতীয় সংস্কৃতিত পৰম্পৰাগতভাৱে দেৱীসকলৰ চুলি অতি দীঘল আছিল।

“আমাৰ সমাজত চুলি কটাটো অশুভ বুলি গণ্য কৰা হয়, গতিকে সেইবাবেই মহিলাসকলে আগতে চুলি কটা নাছিল।দীঘল চুলিয়ে মহিলাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।”— তেওঁ লগতে কয়।

স্মিতা শ্ৰীবাস্তৱে সাধাৰণতে সপ্তাহত দুবাৰকৈ চুলি ধুৱে বুলি উল্লেখ কৰিছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডে। চুলি ধোৱা, শুকোওৱা, ফণিওৱা ইত্যাদিৰ বাবে তেওঁক প্ৰায় তিনি ঘণ্টা সময়ৰ প্ৰয়োজন হয়।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, যেতিয়াই তেওঁৰ চুলিখিনি মুক্ত হৈ থাকে, চুলিখিনি দেখি আশ্চৰ্য প্ৰকাশ কৰে সকলোৱে। আকৰ্ষণৰ কাৰণ হৈ পৰা চুলিকোচা সকলোৱে স্পৰ্শ কৰে, ফটো উঠায় আৰু এই চুলিৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ বিষয়ে প্ৰশ্ন কৰে বুলি তেওঁ লগতে কয়।