NORTHEAST NOW (Assamese)

পিংক বল “টেষ্ট”ত উত্তীৰ্ণ টীম ইণ্ডিয়া! প্ৰথম ইনিংছত ৩৪৭ ৰান সংগ্ৰহ

November 23, 2019 5:06 pm · এন ই নাও নিউজ
Updated: November 23, 2019 5:12 pm
বিৰাট কোহলি।

ভাৰতৰ মাটিত প্ৰথম অনুষ্ঠিত দিব-নৈশ টেষ্টখনত বাংলাদেশৰ ব্যৰ্থতাৰ বিপৰীতে টীম ইণ্ডিয়া “উত্তীৰ্ণ”ৰ লক্ষণ দেখুৱাবলৈ সক্ষম হৈছে। দলটোৱে নিজৰ প্ৰথম ইনিংছত সাধাৰণ টেষ্ট মেচৰ প্ৰায় অনুৰূপ ৰান সংগ্ৰহ কৰি পিংক বলত সফলতা দেখুৱাইছে।

নিশাৰ কৃত্ৰিম পোহৰৰ সুবিধাৰ বাবে গুলপীয়া বলৰ ব্যৱহাৰ কৰা বাবে পিংক-বল টেষ্ট আখ্যা দিয়া মেচখনত বাংলাদেশ নিজৰ প্ৰথম ইনিংছত মাত্ৰ ৩০ অ’ভাৰহে টিকি থাকিবলৈ সক্ষম হৈছিল আৰু প্ৰতিৱেশী দলটোৱে এবেলাৰ ভিতৰতে মাত্ৰ ১০৬ ৰান কৰি ইনিংছ সামৰিছিল। তেওঁলোকৰ মাত্ৰ ৩ জন বেটছমেনেহে দুটা অংকৰ ৰান কৰিবলৈ সক্ষম হয়।

প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই দ্বিতীয় দিনলৈকে ৮৯.৪ অ’ভাৰ খেলি ৯ উইকেটত ৩৪৭ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। দলটোৰ এই ৰান সংখ্যাক সন্তোষজনক আৰু সাধাৰণ বল আৰু দিনত খেলা টেষ্টত সচৰাচৰ হোৱা ৰানৰ সমান বুলিব পাৰি।

অধিনায়ক কোহলিয়ে শতৰান (১৩৬ ৰান) কৰাৰ উপৰি চেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰেহানেই একোটাকৈ অৰ্ধশতক সংগ্ৰহ কৰে।

ইতিমধ্যেই ২০০ ৰানতকৈ অধিক বিশাল ব্যৱধানত পিছ পৰা বাংলাদেশে দ্বিতীয় ইনিংছ খেলিব লাগিব যথেষ্ট চাপৰ মাজত আৰু সেইটোৱে ভাৰতক এটা “ভাল লক্ষ্য” বান্ধি দিয়াত বাধাৰ সৃষ্টি কৰাটো নিশ্চিত।

ইপিনে প্ৰকৃত খেলৰ পূৰ্বে পিংক বলৰ এখন অনুশীলন মেচে খেলুৱৈসকলক সহায় কৰিলেহেঁতেন বুলি মন্তব্য কৰিলেও বাংলাদেশৰ প্ৰশিক্ষকজনে ইয়াক এটা অজুহাত হিচাপে ল’বলৈ অস্বীকাৰ কৰে।

“কিন্তু এইটো অজুহাত হ’ব নোৱাৰে”, দক্ষিণ আফ্ৰিকীয় প্ৰশিক্ষক ৰাছেল ডমিংগোৱে কয়।

অনুশীলনৰ সুযোগৰ কথাটো বাদ দিও তেওঁ টেষ্ট মেচৰ ক্ষেত্ৰত দুয়োটা দলৰ মাজত থকা বৃহত পাৰ্থক্যক অকপটে স্বীকাৰ কৰে।

“বিৰাট কোহলিৰ অকলেই ২৬টা টেষ্ট শতক থকাৰ বিপৰীতে আমাৰ গোটেই দলটোৰ নামতহে আছে মাত্ৰ ১৬ বা ১৭টা টেষ্ট শতক”, ডমিংগোৰ মন্তব্য।

Related News