NORTHEAST NOW (Assamese)

ভাৰতৰ আৰু উন্নত পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণ; অধিক শক্তিশালী হৈ পৰিল সেনাবাহিনী

October 21, 2022 6:32 pm · এন ই নাও নিউজ, নতুন দিল্লী

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু এখোজ আগবাঢ়িল। লাডাখত চীনৰ আক্ৰমণাত্মক মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে অগ্নি শৃংখলাৰ নতুন মিছাইল ‘অগ্নি প্ৰাইম’ৰ পৰীক্ষা কৰিলে। যোৱা বছৰ ভাৰতে মিছাইলটোৰ সক্ষমতা দুবাৰ পৰীক্ষা কৰিছিল।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ই শুকুৰবাৰে উৰিষ্যাৰ উপকূলৰ পৰা অগ্নি প্ৰাইম মিছাইলৰ পৰীক্ষা কৰে। পাৰমাণৱিক অস্ত্ৰ বহন কৰিবলৈ সক্ষম এই মিছাইলটো হৈছে অগ্নি শৃংখলাৰ নতুন প্ৰজন্মৰ মিছাইল। ‘অগ্নি প্ৰাইম’য়ে ১ ৰ পৰা ২ হাজাৰ কিলোমিটাৰ দূৰৰ লক্ষ্যত সঠিকভাৱে আঘাত হানিবলৈ সক্ষম। নতুন প্ৰজন্মৰ এই মিছাইলটো অত্যন্ত পাতল মিশ্ৰিত ধাতুৰে নিৰ্মিত। ফলত ইয়াৰ ওজন অগ্নি-৩ তকৈ ৫০ শতাংশ কম।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী, জাৰ্মানীত ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ; ৰাছিয়াৰ গৰিহণা

ওজন কম হোৱাৰ বাবে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা মিছাইলটো ৰে’ল বা ৰাষ্ট্ৰীয় পথত বিশেষ সামৰিক বাহনৰ পৰা নিক্ষেপ কৰিব পৰা যাব। বিশেষকৈ যুদ্ধৰ ক্ষেত্ৰত এই অস্ত্ৰই প্ৰশান্ত মহাসাগৰত চীনা নৌবহৰৰ বিৰুদ্ধে হোৱা আক্ৰমণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইয়াৰ পূৰ্বে ২০১৮ চনত ডিআৰডিঅ’-য়ে সফলতাৰে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা অগ্নি-৫ মিছাইল উৎক্ষেপণ কৰিছিল। ৫,০০০ কিলোমিটাৰ দূৰত্বত শত্ৰুক আঘাত কৰিবলৈ সক্ষম এই মিছাইলটো। এই পৰিসৰত চীন আৰু পাকিস্তানৰ বহু অংশ অনায়াসে ইয়াৰ আওতাত সোমাই পৰিব৷

Related News