NORTHEAST NOW (Assamese)

ভুলৰ পৰা শিক্ষা : সীমান্তৰ পথ উন্নয়নৰ ধন চাৰি গুণ বৃদ্ধি ভাৰতৰ

July 6, 2020 5:08 pm · এন ই নাও নিউজ
Updated: July 6, 2020 5:09 pm

চীন-ভাৰত সীমান্তত এতিয়া বাজিছে ৰণডংকা। ১৯৬২ চনৰ যুদ্ধত ভাৰত চীনৰ হাতত পৰাজিত হোৱাৰ এক অন্যতম কাৰণ আছিল যোগাযোগৰ দুৰৱস্থা।

সেই সময়ত চীন-ভাৰত সীমান্তত ভাৰতীয় সেনাই চলাচল কৰিব পৰাকৈ কোনো সূচল বাট-পথ নাছিল।

কিন্তু এইবাৰ সেই ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰিছে ভাৰতে।

লাডাখত চীনৰ সেনাই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিচতে ভাৰতে সীমান্ত অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্ন্ত কৰাৰ বিষয়ত অধিক গুৰুত্ব দিছে।

ভাৰতে লাডাখ কাণ্ডৰ পিচতেই সীমান্ত পথ উন্নয়নৰ ধনৰ পৰিমাণ পূৰ্বৰ ৩০ কোটিৰ পৰা একেকোবে ১২০ কোটিলৈ বৃদ্ধি কৰিছে।

একেদৰে লাডাখত পথ নিৰ্মাণৰ বাবে চৰকাৰে ধাৰ্য্য কৰিছে ৫৮৯ কোটি টকা।

জম্মু-কাশ্মীৰৰ সীমান্ত পথ উন্নয়ৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণ হৈছে ১ হাজাৰ ৩৫১ কোটি টকা।

ইয়াৰ পূৰ্বে লাডাখত পথ নিৰ্মাণৰ বাবে ধাৰ্য্য কৰা হৈছিল মাত্ৰ ৭২ কোটি টকা।

চীনৰ উপৰি পাকিস্তানৰ পৰাও ভাৰতলৈ অহৰহ ভাবুকি আহি আছে।

এনে পৰিস্থিতিত ভাৰতে সীমান্তৰ পথ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাদে আন কোনো বিকল্প পথ নাছিল

Related News