NORTHEAST NOW (Assamese)

ভাৰতীয় বায়ু সেনা বাহিনীয়ে ইজৰাইলৰ পৰা ক্ৰয় কৰিব স্পাইচ-২০০০ বিধ্বংসী বোমা

July 1, 2020 8:47 am · এন ই নাও নিউজ
উৎস-য়ু টিউব

চীনৰ সৈতে চলি থকা সীমা বিবাদৰ সময়তে ভাৰতে ইজৰাইলৰ পৰা অধিক স্পাইচ-২০০০ বোমা ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে।

স্পাইচ-২০০০ বোমা পাকিস্তানৰ বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ সময়ত ব্যৱহাৰ হৈছিল।

‘‘স্পাইচ-২০০০ বোমাই আমাক ভূমিত থকা লক্ষ্যবস্তুত আঘাত হনাৰ লগতে বাংকাৰ আৰু বিল্ডিঙ ধ্বংস কৰাৰ সামাৰ্থ বৃদ্ধি কৰিব,’’ চৰকাৰে সূত্ৰই এনেদৰে উল্লেখ কৰে।

বিগত বৰ্ষত ইজৰাইলৰ পৰা আমদানি কৰা বোমাৰে অংশ হ’ব নতুনকৈ অধিক হাৰত ক্ৰয় কৰিব বিচৰা স্পাইচ-২০০০ বোমা।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে পাকিস্তানৰ বালাকোটত সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ সময়ত ইজৰাইলৰ পৰা আমদানি কৰা স্পাইচ-২০০০ বোমা ব্যৱহাৰ কৰিছিল আৰু এল অ’ চিৰ পৰা ৬০ কিলোমিটাৰ দূৰত্বত থকা লক্ষ্যবস্ত্তুত আঘাত হানিছিল।

চৰকাৰে সূত্ৰই জানিবলৈ দিয়া মতে, ইজৰাইলৰ স্পাইচ-২০০০ বোমা উন্নত হোৱাৰ লগতে কম দামত লাভ কৰা যায়।

স্পাইচ-২০০০ বোমাক ফ্ৰাঞ্চৰ ক্ৰয় কৰা ভাৰতীয় বায়ু সেনা বাহিনীৰ মিৰাজ-২০০০ ফাইটাৰ জেটত সংলগ্ন কৰা হ’ব।

চীনৰ সৈতে পূব লাডাখত চলি থকা উত্তেজনাৰ সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে সেনা বাহিনীক দৰকাৰী যুদ্ধ সামগ্ৰী ক্ৰয় কৰাৰ বাবে ৫০০ কোটি টকা আগবঢ়াইছে।

Related News