NORTHEAST NOW (Assamese)

কৰ’না টেষ্টিং কিট নলয়; চীনৰ পৰা ভাৰতে আমদানি কৰিব ভেন্টিলেটৰ- PPE

March 31, 2020 6:59 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কৰ’না ভাইৰাছৰ ভয়াবহতালৈ লক্ষ্য কৰি তথা প্ৰয়োজনীয়তালৈ চাই ভাৰতে পাৰ্ছনেল প্ৰটেকশ্যন ইকুইপমেন্টছ (PPEs) কিটছ, N95 মাস্ক আৰু ভেন্টিলেটৰ্ছ আমদানি কৰাৰ বাবে গুৰুত্বসহকাৰে বিবেচনা কৰিছে।

তদুপৰি, দেশত নিজা উদ্যোগত ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে।

ভাৰতে PPEs, ভেন্টিলেটৰ্ছ চীনৰ পৰা অনাৰ বাবেও প্ৰস্তুতি চলাইছে। কিন্তু টেষ্টিং কিটছ অনাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

উল্লেখ্য যে স্পেইন, ইউক্ৰেইনৰ দৰে দেশত চীনে প্ৰেৰণ কৰা টেষ্টিং কিটছ ত্ৰুটীপূৰ্ণ বুলি অভিযোগ উঠিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ে এক বিবৃতিত কৈছে,’’ভাৰতীয় ৰেডক্ৰছ ছচাইটিয়ে চীনৰ পৰা ১০,০০০ PPEs,  আনিছে আৰু সেইবোৰ অহাৰ পাছত তাক বিতৰণো কৰা হৈছে। বৰঙণি হিচাপে পাবলগীয়া ৩ লাখ PPEs ৪ এপ্ৰিললৈ আহি পাব। তদুপৰি, ৩ লাখ PPEs ৰ অৰ্ডাৰ অৰ্ডিনেন্স ফেক্টৰীক দিয়া হৈছে।‘’

২৪ মাৰ্চত ভাৰতীয় ৰেডক্ৰছ ছচাইটিক চীনৰ দাতব্য সংস্থাৰ ফালৰ পৰা দান হিচাপে আগবঢ়োৱা চিকিৎসা সামগ্ৰী নতুন দিল্লী আহি পাইছে। এই সমূহ জেক মা ফাউণ্ডেশ্যন আৰু আলীবাবা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে।

Related News