NORTHEAST NOW (Assamese)
Popular Stories

প্ৰতিদিনে ১ লাখ পৰীক্ষা কৰাৰ লক্ষ্যৰে ভাৰতে মে’ৰ শেষলৈ উৎপাদন কৰিব কোভিড-১৯ এণ্টিবডি টেষ্ট কিট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2020 9:24 pm
প্ৰতিদিনে ১ লাখ পৰীক্ষা কৰাৰ লক্ষ্যৰে ভাৰতে মে’ৰ শেষলৈ উৎপাদন কৰিব কোভিড-১৯ এণ্টিবডি টেষ্ট কিট

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে বুধবাৰে সংবাদমেল সম্বোধন কৰি ভাৰতে মে’ৰ ভিতৰত ক’ৰ’না ভাইৰাছৰ পৰীক্ষাৰ বাবে নিজাকৈ ক’ৰ’নাভাইৰাছৰ আৰ টি-পি চি আৰ আৰু এণ্টিবডি টেষ্ট কিট উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।

‘‘এই ক্ষেত্ৰত সকলো প্ৰচেষ্টা যথেষ্ট আগবঢ়িছে আৰু ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ পৰা অনুমতি লাভ কৰাৰ পাছতে উৎপাদন আৰম্ভ হ’ব,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

আনহাতে, ভাৰতে নিজাকৈ টেষ্টিং কিট উৎপাদন কৰাৰ পাছত ৩১ মে’লৈ স্বাস্থ্য বিভাগে প্ৰতিদিনে ১ লাখ ক’ৰ’নাৰ টেষ্ট কৰাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলিও হৰ্ষ বৰ্ধনে কয়।

পূৰ্বে এখন সংবাদমেলতো স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভাৰতে বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত সক্ষম হৈছে বুলি উল্লেখ কৰিছিল।

ভাৰতত বৰ্তমানলৈ ২৯,০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে প্ৰায় ৯০০ লোকে প্ৰাণ হেৰুৱাইছে।

ভাৰতত ৭০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।