NORTHEAST NOW (Assamese)
অসম

মাছ উৎপাদনত অসম এতিয়া স্বাৱলম্বী: পৰিমল শুক্লবৈদ্য

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 28, 2020 9:58 pm
Minister Parimal Shuklabaidya

আজি অৰণ্য ভৱনত বন বিভাগৰ শীৰ্ষ বিষয়াৰে মিলিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷

লকডাউনৰ সময়ত বন বিভাগটো কেনেদৰে সক্ৰিয় কৰি ৰাখিব সেই সন্দৰ্ভত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জনায়৷

সুৰাৰ দাম বৃদ্ধিৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়,দাম কিমান শতাংশ বৃদ্ধি হ’ব এতিয়ালৈকে নিশ্চিত নহয়। বিত্ত বিভাগৰ পৰামৰ্শতহে নিৰ্ধাৰণ হ’ব নতুন নিৰিখ। কেন্দ্ৰৰ গাইডলাইন মতেই বন্ধ কৰি ৰখা হৈছে সুৰাৰ বিপনী। কেন্দ্ৰৰ নিৰ্দেশ পালেই খুলিব সুৰাৰ বিপনী। লকডাউনৰ মাজতে সুৰাৰ বিপনী খুলি আবকাৰীয়ে লাভ কৰিছিল দহ কোটিতকৈও অধিক ৰাজহ। এতিয়ালৈকে খোলা থাকিলে এই ৰাজহৰ পৰিমাণ লহেঁতেন এশ কোটিতকৈও অধিক৷”

আনহাতে লকডাউনৰ সময়ত বিভিন্ন বন্যপ্ৰাণী হত্যা তথা নিধন সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি বন মন্ত্ৰীয়ে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ শীৰ্ষ বিষয়াক আহ্বান জনায়।

যোৰহাটত মানুহৰ হাতত কেনেকৈ লতামাকৰী বাঘৰ মৃত্যু হ’ল তাৰো কাৰণ বিচাৰে বন মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ সকলো বন বিভাগৰ কাৰ্যালয়ত  চেনিটাইজ কৰিবলৈ মন্ত্ৰীজনক বৈঠকতে আহ্বান জনায়  বন বিষয়াসকলে।

আনহাতে মীন বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কয় যে মাছ বিক্ৰীৰে মৎস্য বিভাগে অভিলেখ ৰচিছে৷

তেওঁ কয় যে প্ৰায় ৪৫০০ ভেণ্ডৰে মাছ বিক্ৰীৰ দায়িত্ব লাভ কৰিছে।

লকডাউনৰ মাজতে প্ৰায় ২১ কোটি টকাৰ মাছ বিক্ৰী হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

তেওঁ কয় যে অহা চাৰি মাহলৈ বাহিৰৰ মাছ নাহিলেও এতিয়াৰ দৰতে মাছ উপলব্ধ হ’ব৷

“অসমত  যথেষ্ট পৰিমাণে মাছ আছে। মাছ উৎপাদনত অসম এতিয়া স্বাৱলম্বী,” মন্ত্ৰী শুক্লবৈদ্যই কয়।