NORTHEAST NOW (Assamese)
Popular Stories

৩১ ডিচেম্বৰৰ পৰিৱৰ্তে ৭ জানুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 12:03 pm

বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে অহা ৭ জানুৱাৰিলৈকে বাতিল কৰাৰ কথা ঘোষণা কৰে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ পুৰীয়ে আজি এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২১ ডিচেম্বৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছিল যে বৃটেইনত সম্প্ৰতি দেখা দিয়া নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱা অহা ৩১ ডিচেম্বৰৰ নিশা ১১ বাজি ৫৯ মিনিটলৈ বাতিল কৰা হৈছে।

কিন্তু নতুন সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান সেৱা পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় বুলি জানিব পৰা যায়।

উল্লেখ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো নতুন ক’ৰ’না ভাইৰাছৰ দ্বাৰা লোক সংক্ৰমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

বৃটেইনৰ পৰা ভাৰতত প্ৰৱেশ কৰা লোকৰ পৰা সংক্ৰমিত হোৱা এই নতুন ক’ৰ’না ভাইৰাছৰ দ্বাৰা এই পৰ্যন্ত ২০ গৰাকী লোক আক্ৰান্ত হৈছে।