NORTHEAST NOW (Assamese)
ক্ৰীড়া

ভাৰত বনাম ইংলেণ্ড : দ্বিতীয় দিনতো নাই ঋষভ পন্ত, উইকেট কীপাৰ ধ্ৰুৱ জুৰেল

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী July 11, 2025 4:34 pm
ভাৰত বনাম ইংলেণ্ড : দ্বিতীয় দিনতো নাই ঋষভ পন্ত, উইকেট কীপাৰ ধ্ৰুৱ জুৰেল

লৰ্ডছ টেষ্টৰ দ্বিতীয় দিনা আঙুলিৰ আঘাতৰ বাবে খেলৰ পৰা বঞ্চিত হ’ল ভাৰতীয় দলৰ উইকেটকীপাৰ তথা বেটছমেন ঋষভ পন্ত।

লৰ্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে তৃতীয়খন টেষ্ট মেচ।

মেচৰ প্ৰথম দিনাই ঋষভ পণ্ট আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে তেওঁ খেলপথাৰ এৰিবলগীয়া হয়।

পণ্টে খেলপথাৰ এৰি যোৱাৰ পাছত ধ্ৰুৱ জুৰেলে তেওঁৰ ঠাইত উইকেটকীপিঙৰ দায়িত্ব লয়।বিচিচিআইয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, “ঋষভ পন্তৰ বাওঁ তৰ্জনী আঙুলিৰ আঘাতৰ পৰা এতিয়াও সুস্থ হৈ উঠা নাই। সেয়েহে দ্বিতীয় দিনাও ধ্ৰুৱ জুৰেলে উইকেটকীপিং কৰিব।”