ক্ৰিকেট বিশ্বকাপ ২০১৯: কিৱি পে’চ ধুমুহাত ভাৰত, ১ ৰানত আউট ৰোহিত, ক’হলি, ৰাহুল
বৰুষুণৰ বাবে খেল পথাৰৰ পৰা উভতি আহিছে বুমৰাহ আৰু ভূৱনেশ্বৰ কুমাৰ
আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত বুধবাৰে বেটিং আৰম্ভ কৰিয়েই দুই অ’পেনাৰ ৰোহিত শৰ্মা, কে এল ৰাহুলৰ লগতে অধিনায়ক বিৰাট ক’হলিৰ মূল্যৱান ৱিকেট হেৰুৱাইছে ভাৰতে।
কিৱি পে’চাৰৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ভাৰতৰ বেটিং লাইন আপ। ২৪০ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰা ভাৰতৰ শীৰ্ষ তিনিওগৰাকী বেটছমেন কেৱল ১ ৰানকৈ স্ক’ৰত আউট হৈছে।
কিৱি পে’চাৰ ট্ৰেণ্ট ব’ল্ট আৰু মেট হেনৰিৰ প্ৰথম ১১টা বলত শীৰ্ষ তিনিটাকৈ ৱিকেট হেৰুৱাইছে ভাৰতে।
মেট হেনৰিয়ে ৰোহিত আৰু কে এল ৰাহুলৰ ৱিকেট দখল কৰাৰ বিপৰীতে ট্ৰেণ্টৰ বলত এল বি ডব্লিউ হয় অধিনায়ক বিৰাট।
বৰ্তমান ক্ৰিজত আছে দীনেশ কাৰ্তিক আৰু ৰিশভ পণ্ট।
ভাৰতীয় সময় আবেলি ৪ বজালৈকে ভাৰতৰ স্ক’ৰ হৈছে ৬.১ অ’ভাৰত ৩টা ৱিকেটৰ বিনিময়ত ১০ ৰান।