NORTHEAST NOW (Assamese)

১-১ত ড্ৰ ভাৰত আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ মাজৰ মেচ

October 9, 2019 10:03 pm · এন ই নাও নিউজ

আজি গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰত আৰু আই এছ এলৰ ক্লাব নৰ্থ-ইষ্ট য়ুনাইটেডৰ মাজৰ বন্ধুত্বপূৰ্ণ মেচখন ড্ৰ ৰূপে অন্ত পৰে।

মেচখনৰ ৩৪ মিনিটত ভাৰতীয় দলে অধিনায়ক সুনীল চেত্ৰীৰ গ’লৰ সহায়ত অগ্ৰগতি লয়। কিন্তু ১০ মিনিট পাছতে অৰ্থাৎ ৪৪ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ দুৰ্দান্ত ষ্ট্ৰাইকাৰ জিয়ানে সমতাসূচক গ’লটো প্ৰদান কৰে। প্ৰথমাৰ্ধ ১-১ত অন্ত পৰে।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰে পৰা দুয়োটা দলে আক্ৰমণ তীব্ৰতৰ কৰি তোলে যদিও নিৰ্ধাৰিত সময়লৈকে স্ক’ৰকাৰ্ড সলনি নোহোৱাত মেচখন ১-১ত সমাপ্ত হয়।

বাংলাদেশৰ বিৰুদ্ধে ফিফা বিশ্বকাপ আৰু এছিয়া কাপৰ যোগ্যতা নিৰ্ণায়ক মেচত অৱতীৰ্ণ হোৱাৰ আগেয়ে ভাৰতে আই এছ এলৰ ক্লাব নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে এই প্ৰস্তুতিমূলক মেচখন খেলাৰ সিদ্ধান্ত লৈছিল।

অহা ১৫ অক্টোবৰত কলকাতাৰ যুৱ ভাৰতী ক্ৰীড়াংগনত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে নিজৰ তৃতীয়খন যোগ্যতা নিৰ্ণয়কাৰী মেচত অংশ ল’ব। আৰু সেয়ে সুনীল চেত্ৰী নেতৃত্বাধীন ভাৰতীয় দলে যোৱা ৩ অক্টোবৰৰ পৰা গুৱাহাটীৰ সৰুসজাইস্থিত ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত প্ৰস্তুতি চলাই আছে।

Related News