NORTHEAST NOW (Assamese)
অসম

তুংগত উন্মাদনা! এঘণ্টাৰ ভিতৰতে শেষ চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ খেলৰ টিকট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2025 11:44 am
তুংগত উন্মাদনা! এঘণ্টাৰ ভিতৰতে শেষ চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ খেলৰ টিকট

ভাৰত আৰু পাকিস্তান ক্ৰিকেট দলে দ্বিপাক্ষিক শৃংখলাত ইটোৱে সিটোৰ বিৰুদ্ধে খেলত নমা নাই। ভাৰত-পাকিস্তানৰ প্ৰতিদ্বন্দ্বিতা কেৱল এচিচি আৰু আইচিচিৰ ইভেণ্টতহে দেখা যায়। সেইবাবেই যেতিয়াই ক্ৰিকেট খেলপথাৰত ভাৰত আৰু পাকিস্তান মুখামুখি হয় তেতিয়াই ক্ৰিকেট অনুৰাগীৰ আগ্ৰহ তুংগত থাকে। এইবাৰ আইচিচি চেম্পিয়নছ ট্ৰফীতো ইয়াৰ কোনো ব্যতিক্ৰম নহ’ল।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এইবাৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিছে। অৱশ্যে ভাৰতে পাকিস্তানৰ মাটিত এই প্ৰতিযোগিতাত তেওঁলোকৰ কোনো মেচ নেখেলে। টিম ইণ্ডিয়াই তেওঁলোকৰ সকলো খেল ডুবাইত খেলিব। কেৱল গ্ৰুপ লীগৰ মেচেই নহয়, টিম ইণ্ডিয়াই ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰিলে ৰোহিত বাহিনীৰ মেচসমূহো ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে আছে। গতিকে, ডুবাইত গ্ৰুপ লীগৰ খেলত দুয়োটা দল মুখামুখি হ’ব। সোমবাৰে সেই মেচখনৰ টিকট বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে বিক্ৰী হৈ গ’ল। এঘণ্টাৰ ভিতৰতে সকলো টিকট বিক্ৰী হৈ যায়। অভিলেখ সময়ত টিকট বিক্ৰী হৈ যোৱাটোৱে ভাৰত-পাকিস্তানৰ খেলক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত কিমান আগ্ৰহ তাক প্ৰমাণ কৰে।

মন কৰিবলগীয়া যে অহা ২৩ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তান চেম্পিয়নছ ট্ৰফী গ্ৰুপ এৰ খেলখন। টিকট ক্ৰয়ৰ বাবে অনলাইনযোগে ভিৰ কৰিছিল কমেও ১ লাখ ৫০ হাজাৰ ক্ৰিকেট অনুৰাগীয়ে। অৱশ্যে বেছিভাগেই বহু সময় অপেক্ষা কৰিও হতাশ হ’বলগীয়া হয়।