NORTHEAST NOW (Assamese)
অসম

‘এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব’!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2021 7:26 pm
a modi_ji_660_2503

এদিন ভাৰতবৰ্ষৰ নাম নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব।

এতিয়া ষ্টেডিয়ামৰ নাম মোদীৰ নামেৰে ৰখা হৈছে, ক’ৰ’ণাৰ ভেকচিন গ্ৰহণৰ প্ৰমাণপত্ৰত মোদীৰ ছবি ছপা কৰা হৈছে। এদিনৰ দেশৰ নামো মোদীৰ নামেৰেই কৰা হ’ব।এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

মোদীৰ আগ্ৰাসনবাদক কটাক্ষ কৰি মমতাই কয়—‘চাই থাকক অতি কম দিনৰ  ভিতৰতে দেশৰ নামো মোদীৰ নামেৰে ৰখা হ’ব’।

ভাৰতীয় মহাকাশ সংস্থা ইছৰ’ই মহাকাশলৈ মোদীৰ ছবি প্ৰেৰণ কৰাৰ বিষয়টোকো মমতাই সমালোচনা কৰে।

বিজেপিৰ নেতাসকলে কেৱল নিৰ্বাচনৰ সময়তহে পশ্চিমবংগলৈ আহি মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱায় বুলি মমতাই কয়।

মোদীৰ গুজৰাটতে উন্নয়ন স্তব্ধ হৈ পৰিছে বুলি মমতাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বিজেপি শাসিত ৰাজ্যসমূহত প্ৰকৃত উন্নয়ন ক’ত হৈছে বুলিও মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰে।

পশ্চিমবংগত এইবাৰৰ নিৰ্বাচন মোদী আৰু দিদিৰ মাজত হ’ব বুলি তেওঁ কথা প্ৰসংগত উল্লেখ কৰে।

উল্লেখ্য কিছুদিন পূৰ্বে  ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত উচৰ্গা কৰা দেশৰ এখন পুৰণি ষ্টেডিয়ামৰ নাম মোদীৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছিল।

ইয়াকেলৈ দেশজুৰি বিতৰ্কৰো  সৃষ্টি হৈছিল।