NORTHEAST NOW (Assamese)
Popular Stories

চীনক দিব টক্কৰ! : আমেৰিকাৰ পৰা পুনৰ ৭২ হাজাৰ অত্যাধুনিক মাৰাণাস্ত্ৰণ ক্ৰয় কৰিব ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 8:26 pm
index.jpgkk

চীন-ভাৰতৰ সীমান্তৰ উত্তেজনাৰ মাজতে আমেৰিকাৰ পৰা বুজন পৰিমাণৰ অত্যাধুনিক আগ্নেয়াস্ত্ৰ ক্ৰয় কৰিব ভাৰতে।

ভাৰতীয় সেনা বাহিনীৰ বাবে অতিৰিক্ত ৭২ হাজাৰ ছিগ-৭১৬(Sig Sauer assault rifles) ক্ৰয় কৰিব ভাৰতে।

এক বিশেষ সূত্ৰৰ অনুসৰি ২০১৯ বৰ্ষৰ ডিচেম্বৰত আমেৰিকাৰ পৰা ৭২ হাজাৰ ছিগ-৭১৬ ৰাইফল ভাৰতে ক্ৰয় কৰিছিল।

বৰ্তমান ভাৰতে পুনৰ সেই পৰিমাণৰ একে বিধ আগ্নেয়াস্ত্ৰ ক্ৰয় কৰিব ভাৰতে।

উল্লেখ্য যে কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে অত্যাধুনিক ছিগ-৭১৬ ৰাইফল ব্যৱহাৰ কৰে।

সেনাৰ এক বিষয়াই জনাইছে যে এই মুহূৰ্তত ভাৰতীয় সেনাৰ ইনফান্ট্ৰি ডিভিজনত ৮ লাখ এনে অত্যাধুনিক ৰাইফলৰ প্ৰয়োজন।

সেই প্ৰয়োজন পূৰণৰ বাবে আমেৰিকাৰ পৰা পুনৰ ৭২ হাজাৰ এনে ৰাইফল ক্ৰয় কৰা হৈছে।

প্ৰায় দুই দশক ধৰি ভাৰতীয় সেনাই ৫.৫ এম এম ইনছাছ (5.5 mm Insas) ৰাইফল ব্যৱহাৰ কৰি আছে।

উল্লেখ্য যে কূটনৈতিক স্তৰৰ আলোচনা অব্যাহত থাকিলেও চীনৰ সৈতে ভাৰতৰ যুদ্ধ সম্ভাৱনা মাৰ যোৱা নাই।

সেয়ে জুন মাহৰ ভিতৰত ভাৰতীয় সেনাক ৫০০ কোটি টকাৰ আগ্নেয়াস্ত্ৰ ক্ৰয় কৰাৰ এক প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল।