NORTHEAST NOW (Assamese)
অসম

দুটা দশকৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষ তিনিটা বৃহৎ অৰ্থনৈতিক শক্তিৰ অন্তৰ্ভূক্ত হ’ব : মুকেশ আম্বানি.

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 5:03 pm

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানিয়ে ভাৰতে অনাগত দুটা দশকৰ ভিতৰত বিশ্বৰ তিনিটা সৰ্ববৃহৎ অৰ্থনীতিৰ অন্তৰ্ভুক্ত হ’ব বুলি মত ব্যক্ত কৰে।

দেশৰ গড় জনমুৰি আয় ১৮০০-২০০০ ডলাৰৰ পৰা ৫০০০ ডলাৰলৈ বৃদ্ধি পাব বুলিও ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ গৰাকীয়ে লগতে কয়।

ফেইচবুকৰ ‘ফুৱেল ফৰ ইণ্ডিয়া ২০২০’ অনুষ্ঠানত অংশ লৈ দেশৰ অন্যতম শ্ৰেষ্ঠ উদ্যোগপতি গৰাকীয়ে এইদৰে ভাৰতীয় অৰ্থনীতিৰ ভবিষ্যত সম্পৰ্কে উল্লেখ কৰে।

আনহাতে, অধিকাংশ যুৱ নাগৰিকে অংশগ্ৰহণ কৰা ভাৰত অতিশীঘ্ৰে প্ৰিমিয়াৰ ডিজিটেল ছ’চাইটিলৈ ৰূপান্তৰিত হ’ব বুলিও আম্বানীয়ে কয়।

ফেইচবুকৰ মুখ্য কাৰ্য্যবাহী মাৰ্ক জুকাৰবাৰ্গৰ সৈতে অংশলোৱা কথা-বতৰাত মুকেশ আম্বানিয়ে ভাৰতৰ ভবিষ্যত অৰ্থনৈতিক উত্থাপনৰ প্ৰতি যোগাত্মক দৃষ্টিভংগী ব্যক্ত কৰি প্ৰতিটো দুৰ্যোগে মানুহৰ মাজত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে বুলিও লগতে কয়।

ইপিনে, ভাৰতে অতি সুন্দৰভাৱে কোভিড মহামাৰীৰ সৈতে মুখামুখি হৈছে বুলিও আম্বানিয়ে অনুষ্ঠানত কয়।