NORTHEAST NOW (Assamese)
অসম

অনন্য কৃতিত্ব! অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ ‘বিৰাট’ জয়; ভাঙিলে ৫০ বছৰীয়া ৰেকৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2021 8:18 am
team india wins

ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেল টেষ্টত দুৰ্দান্ত বিজয় সাৱ্যস্ত কৰিছে টীম ইণ্ডিয়াই। তৃতীয়খন টেষ্টৰ হাতাশাজনক প্ৰদৰ্শনৰ পাছত ভাৰতীয় দলক লৈ তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছিল।

অ’ভেল টেষ্টত বলিঙৰ সম্ভাৱনাকলৈও প্ৰশ্ন উঠিছিল। কিয় অশ্বিনক বহুৱাই ৰখা হৈছে? কিয় কোহলিয়ে অ’ভেলৰ দৰে উইকেটত তেওঁক লোৱাৰ কথা নাভাৱিলে?

আনকি প্ৰথম ইনিংছত টীম ইণ্ডিয়াৰ টীম ইণ্ডিয়াৰ বলিঙৰ অৱস্থা দেখি সমালোচক একাংশই টেষ্টখন হাৰিলে তাৰ বাবে অশ্বিনক দলক নোলোৱাটোকে দায়ী কৰিব বিচাৰিছিল।

কিন্তু সেই সকলো সমালোচনাৰ প্ৰত্যুত্তৰ দি ৰুটবাহিনীক বিধ্বস্ত কৰিলে কোহলিৰ টীম ইণ্ডিয়াই। ১৯৭১ চনৰ পাছত অ’ভেলত পুনৰ টেষ্টত বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হ’ল টীম ইণ্ডিয়াই।

প্ৰথম ইনিংছত বেটছমেনৰ ব্যৰ্থতাই ভাৰতক তৃতীয় টেষ্টৰ কথা মনত পেলাই দিছিল। কিন্তু তাৰ পাছতো প্ৰত্যাৱৰ্তন কৰিলে ভাৰতে।

টেষ্টখনত সকলোৰে দৃষ্টি কাঢ়িলে উমেশ যাদৱে। অ’ভেলত দুটা ইনিংছ মিলি অকলেই ৬টা উইকেট দখল কৰে উমেশে।

টীম ইণ্ডিয়াই দ্বিতীয় ইনিংছত সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। আৰম্ভ হৈছিল ৰোহিত শৰ্মাৰ অতুলনীয় বেটিং শৈলীৰে। তাৰ পাছতে পূজাৰা, কোহলি, শাৰ্দুলহতে দলৰ ভেটি মজবুত কৰি তোলে।

এইবাৰ অকল বেটিঙেৰেই শাৰ্দুলে সকলোৰে মন জয় কৰিলে। বাৰ্ণছ আৰু ৰুটৰ দৰে দুটা মূল্যবান উইকেট লৈ ভাৰতক চালকৰ আসনত বহুৱায়। তদুপৰি, জাডেজা আৰু বুমৰাহেও দুটাকৈ উইকেট দখল কৰে।

অ’ভেলত ইংলেণ্ডক ১৫৭ৰাণত পৰাস্ত কৰি ভাৰতে ছিৰিজত ২-১ৰ অগ্ৰগতি লাভ কৰিছে।

অ’ভেল টেষ্টৰ সংক্ষিপ্ত স্ক’ৰ:-

ভাৰত (প্রথম ইনিংস): ১৯১/১০ (শার্দুল ৫৭, বিৰাট ৫০, ক্রিছ ৱকছ ৪/৫৫, ৰবিনছন ৩/৩৮)
ইংলেন্ড (প্রথম ইনিংস): ২৯০/১০ (পোপ-৮১, ৱকছ-৫০, উমেশ যাদৱ ৩/৭৬)
ভাৰত (দ্বিতীয় ইনিংস): ৪৬৬/১০ (ৰোহিত-১২৭, পূজাৰা-৬১, শার্দুল-৬০, ৱকছ ৩/৮৩ )
ইংলেণ্ড (দ্বিতীয় ইনিংস): ২১০/১০ (বার্নস-৫০, হামিদ-৬৩, উমেশ যাদৱ- ৩/৬০)
ভাৰত ১৫৭ ৰানত বিজয়ী।