NORTHEAST NOW (Assamese)
Popular Stories

Asian Games 2023: শ্ৰীলংকাক পৰাস্ত কৰি মহিলা ক্ৰিকেটত ঐতিহাসিক সোণৰ পদক লাভ ভাৰতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2023 3:56 pm

সোমবাৰে এছিয়ান গেমছত মহিলা ক্ৰিকেট ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰে। কম স্ক’ৰৰ মেচখনত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে সোণৰ পদক অৰ্জন কৰে। মেচখনত ভাৰতে ১৯ ৰাণত জয়লাভ কৰে।

শ্ৰীলংকাই ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৮ উইকেট হেৰুৱাই ৯৭ ৰানত ইনিংছ সামৰে। ভাৰতৰ হৈ তিতাসে ৪ অভাৰ বলিং কৰি ১ মেডেনসহ ৬ ৰাণত ৩ উইকেট দখল কৰে। সেইদৰে, ৩ অভাৰ বলিং কৰি ২০ ৰানত ২টা উইকেট দখল কৰে ৰাজেশ্বৰী গাইকৱাদে।

আনহাতে, ২৫ ৰান দি ১টা উইকেট দখল কৰে দীপ্তি শৰ্মাই। পূজা বষ্ট্ৰকাৰে ২০ ৰান দি ১টা উইকেট আৰু ১৫ ৰাণ দি ১টা উইকেট দখল কৰে দেৱীকা বৈদ্যই।

লগতে পঢ়ক: এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ, সোমবাৰে শ্বুটিঙত বিশ্ব অভিলেখ গঢ়ি চেম্পিয়ন ৩ ভাৰতীয়

ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়লাভ কৰি এই মেচত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্দ্ধাৰিত ২০ অভাৰত ভাৰতে ৭ উইকেটত ১১৬ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ স্মৃতি মন্ধনাই ৪৬ ৰান সংগ্ৰহ কৰে। জেমিমা ৰড্ৰিগেজে ৪২ ৰান সংগ্ৰহ কৰে।

আন কোনো ভাৰতীয় বেটছমেনে দুটা অংকৰ ৰান কৰিব নোৱাৰিলে। শেফালী বাৰ্মাই ৯ ৰান সংগ্ৰহ কৰে। উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষে কৰে ৯ ৰান। হৰমনপ্ৰীতে মাত্ৰ ২ ৰানতে আউট হয়। পূজাৰ সংগ্ৰহ ২ ৰান। অমনজোত কৌৰে ১ ৰান কৰে আৰু ১ ৰানত অপৰাজিত হৈ ৰয় দীপ্তি।

শ্ৰীলংকাৰ হৈ উদেশিকা প্ৰবোধনীয়ে ১৬ ৰানত ২টা উইকেট দখল কৰে। সুগন্ধিকা কুমাৰীয়ে ৩০ ৰানত ২টা উইকেট দখল কৰে। ইনোকা ৰণবীৰাই ২১ ৰাণত দখল কৰে ২টা উইকেট।

লগতে পঢ়ক: India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আৰম্ভণিতে ৰান অনুসৰণ কৰি তিতাসৰ আক্ৰমণত দিশহাৰা হৈ পৰে শ্ৰীলংকা। ১৪ ৰানৰ ভিতৰত ৩ উইকেট হেৰুৱায়। তিতাসে তৃতীয় অভাৰত অনুষ্কা সঞ্জীৱনী (১) আৰু ভীষ্মী গুণৰত্ন (০)ৰ উইকেট দখল কৰে। তাৰ পাছত পঞ্চম অভাৰত তিতাসে শ্ৰীলংকাৰ অধিনায়ক আটাপট্টুক ১২ ৰানত কৰি আউট কৰি খেলখন ভাৰতৰ হাতলৈ আনে।

পিছত হাছিনি পেৰেৰা (২৫), নীলাক্ষী দে ছিলভা (২৩), ওছাদি ৰণসিংহেই (১৯) অলপ যুঁজ দিয়ে। কিন্তু শ্ৰীলংকাক জয়ী কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নাছিল। ভাৰতে এক সুন্দৰ প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰে।