NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ মুক্তিৰ দাবীত আমগুৰিৰ চামগুৰিত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

Posted by: পাৰ্শ্বজোতি গগৈ Updated by: পাৰ্শ্বজোতি গগৈ July 23, 2020 4:42 pm
অখিল গগৈৰ মুক্তিৰ দাবীত আমগুৰিৰ চামগুৰিত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰিত বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বহুকেইটা জাতীয় সংগঠনে চামগুৰি তিনি আলিত প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অখিল গগৈৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈ দিল্লী আৰু বাংগালোৰৰ পৰা অনা চৰকাৰী অধিবক্তাক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন ৰাখিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি গ’ বেক, অখিল গগৈক মুক্তি দিয়ক শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটায়।

আনহাতে, অখিল গগৈক  মুক্তি নিদিলে, অখিল গগৈক ন্যায় প্ৰদান নকৰিলে আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰিতুমণি হাজৰিকাই।