NORTHEAST NOW (Assamese)
অসম

নিতৌ হাবি-জংঘলৰ মাজেৰে ১৭ কিলোমিটাৰ পথ খোজকাঢ়ি শিক্ষাদান কৰি আহিছে কেৰালাৰ এই গৰাকী শিক্ষয়িত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2020 3:28 pm
mini-teacher-3-650-compressed

কেৰালাৰ এগৰাকী শিক্ষাব্ৰতী শিক্ষয়িত্ৰী।

নাম তেওঁৰ মিনি কৰমান। ৪৪ বছৰীয়া  এই গৰাকী শিক্ষয়িত্ৰীয়ে নিতৌ ১৭ কিলোমিটাৰ পথ খোজকাঢ়ি যাবলগীয়া হয় তেওঁৰ বিদ্যালয়লৈ।

কেৰালাৰ অতি ভিতৰুৱা আগামবাদামৰ পৰা অম্বুমালালৈ শিক্ষয়িত্ৰী মিনিয়ে খোজকাঢ়িয়েই যাবলগীয়া হৈছে।

a teacher 2

কাৰণ জনজাতি লোক অধ্যুষিত সেই অঞ্চলটোত নাই যাতায়াতৰ কোনো সুব্যৱস্থা।

পাহাৰ-জংঘলেৰে ভৰি থকা অঞ্চলৰ মাজেৰে শিক্ষয়িত্ৰী মিনি কৰমান এনেদৰে বিদ্যালয়লৈ যোৱাৰ পথত বহুদিন মুখা-মুখী হৈছে হিংস্ৰ বনৰীয়া জন্তুৰ সৈতে।

কিন্তু কোনো দিনেই ভয়ক প্ৰশ্ৰয় দিয়া নাই এই গৰাকী শিক্ষয়িত্ৰীয়ে। ৰ’দ,বৰষুণ, ধুমুহা সকলো হেলাৰঙে কাটি কৰি থৈ মিনি কৰমানে নিতৌ ১৭ কিলোমিটাৰ পথ খোজ কাঢ়িয়েই সম্পাদন কৰি গৈছে নিজৰ কৰ্তব্য।

২০১৫ চনৰে পৰাই জনজাতি লোক অধ্যুষিত অঞ্চল এটাত থকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী  হিচাবে সেবা আগবঢ়াই থকা মিনিৰ চাকৰিটো পিছে আজিও অস্থায়ী ৰূপতে আছে।

a tteacher-3

তথাপি সেই কথাত কোনো খেদ নাই মিনিৰ। তেওঁ মাথো জানে শত-সহস্ৰ বাধাও হেলাৰঙে অতিক্ৰমি কেৱল নিজৰ কৰ্তব্য কৰি যাব লাগে।

দৰাচলতে আগামবাদামৰ পৰা অম্বুমালালৈ দূৰত্ব ১৬ কিলোমিটাৰ যদিও সেই ঠাই পোৱাৰ পিছত মিনিয়ে বিদ্যালয়ত উপস্থিত হ’বলৈ আৰু ১ কিলোমিটাৰ পথ পাহাৰ বগাব লাগে।

কৰ্তব্য সমাপনৰ বাবে মিনি কৰমানে স্বীকাৰ কৰি অহা ত্যাগ আৰু কষ্টৰ কাহিনীয়ে এতিয়া সকলোকে হতবাক কৰি তোলা পৰিলক্ষিত হৈছে।