NORTHEAST NOW (Assamese)
অসম

‘হোলী’ উপলক্ষে ১৫ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিলে অসমৰ ৰাজ্যপালে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2025 1:21 pm

কামৰূপ (মেট্ৰ’) জিলাত দৌল যাত্ৰা (হোলী) মহোৎসৱ পালনৰ বাবে অসমৰ ৰাজ্যপালে ২০২৫ চনৰ ১৫ মাৰ্চত (শনিবাৰ) স্থানীয় বন্ধ ঘোষণা কৰিছে।

সেইদিনা জিলাখনৰ সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব যাতে বাসিন্দাসকলে এই উৎসৱ উদযাপন কৰিব পাৰে।

চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়ৰ লগতে কামৰূপ (মেট্ৰ’) জিলাৰ সকলো বিত্তীয় প্ৰতিষ্ঠানেও এই বন্ধ পালন কৰিব।

১৮৮১ চনৰ Negotiable Instruments Act ৰ ২৫ নং ধাৰা আৰু ১৯৫৭ৰ  ৮ জুনৰ ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধিসূচনা নং ২০/২৫/পাব-১ৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে।