NORTHEAST NOW (Assamese)
দেশ

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচন আচৰণবিধি উলংঘাৰ গোচৰ ৰুজু হায়দৰাবাদ আৰক্ষীৰ

May 4, 2024 8:04 pm

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু হায়দৰাবাদ লোকসভাৰ আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কে. মাধৱী লতাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ গোচৰ ৰুজু হৈছে। জি কিষাণ ৰেড্ডী, টি যমন সিং, ৰাজা সিংকে ধৰি আন বিজেপি নেতাৰ নামো এফআইআৰত সন্নিবিষ্ট কৰা হৈছে। হায়দৰাবাদৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ সকলোৰে বিৰুদ্ধে উত্থাপিত হৈছিল।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি নিৰঞ্জন ৰেড্ডীৰ অভিযোগৰ ভিত্তিত এই বিষয়ত হায়দৰাবাদ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। অভিযোগত ৰেড্ডীয়ে দাবী কৰিছে যে ১ মে’ত বিজেপিয়ে লালদৱাজাৰ পৰা সুধা টকীজলৈ এখন ৰেলী উলিয়াইছিল, য’ত অমিত শ্বাহকে ধৰি বহু বিজেপি নেতাই অংশগ্ৰহণ কৰিছিল। ইয়াত শ্বাহৰ সৈতে মঞ্চত কিছু শিশুকো দেখা গ’ল।এই এফআইআৰৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে যে কংগ্ৰেছ নেতাই দাবী কৰিছে যে বিজেপিৰ নিৰ্বাচনী প্ৰতীক (পদুম) থকা পতাকা লৈ মঞ্চত এটি শিশুও দেখা গৈছিল, যিটো নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা স্পষ্টভাৱে উলংঘা কৰা হৈছে। ৰেড্ডীয়ে অভিযোগৰ সৈতে অনুষ্ঠানটোৰ এখন ফটোও সংলগ্ন কৰিছে।

অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে হায়দৰাবাদ আৰক্ষী আয়ুক্ত শ্ৰীনিবাস ৰেড্ডীক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। ইয়াৰ পাছত আৰক্ষী আয়ুক্তৰ নিৰ্দেশত ডিচিপি (দক্ষিণ মণ্ডল) স্নেহা মেহৰাই তদন্ত কৰি গোচৰ ৰুজু কৰে। মোগলপুৰা আৰক্ষীয়ে বৰ্তমান (মোগলপুৰা আৰক্ষী থানা) তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত শিশুৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ ৰাজনৈতিক দলসমূহক নিৰ্দেশনা জাৰি কৰিছিল আৰু এই বিষয়ত ‘শূন্য সহনশীলতা’ নীতি মানি চলিব বুলিও কৈছিল।

স্মৰ্তব্য যে অহা ১৩ মে’ত হায়দৰাবাদ লোকসভাৰ আসনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াত বিজেপিয়ে হায়দৰাবাদৰ পৰা মাধৱী লতাক বৰ্তমানৰ সাংসদ তথা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছীৰ বিৰুদ্ধে থিয় কৰোৱা হৈছে।