NORTHEAST NOW (Assamese)

ভাৰতৰ আগত শোচনীয় পৰাজয় শ্ৰীলংকাৰ! অষ্টম বাৰৰ বাবে এছিয়া কাপ জয় কৰিলে ভাৰতে

September 17, 2023 8:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 17, 2023 7:08 pm

এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাক শোচনীয়ভাবে পৰাস্ত কৰি অষ্টমবাৰলৈ এছিয়া কাপৰ ট্ৰফী কঢ়িয়াই আনিলে ভাৰতে। 

ভাৰতীয় বলাৰৰ চমৎকাৰী প্ৰদৰ্শনে ধৰাশায়ী কৰে টীম শ্ৰীলংকাক। ১০ উইকেটত শ্ৰীলংকাক পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতে।

ভাৰতীয় বলাৰৰ দুৰ্দান্ত আক্ৰমণত ১৫.২ অভাৰত মাত্ৰ ৫০ ৰাণ কৰি ইনিংছ সামৰিছিল শ্ৰীলংকাই। তাৰপাছত এটা উইকেট নেহেৰুৱাকৈ ৫১ ৰাণ সংগ্ৰহ কৰে ভাৰতীয় দলটোৱে।

৬.১ অভাৰতে বিজয় লাভ কৰে ভাৰতীয় ক্ৰিকেট দলটোৱে। ভাৰতৰ হৈ শুভমান গিলে ২৭ ঈশান কিষাণে ২৩ ৰাণ সংগ্ৰহ কৰে। 

উল্লেখ্য যে আজি ভাৰতৰ হৈ ৬ টা উইকেট দখল কৰে মহম্মদ চিৰাজে। আনহাতে হাৰ্দিক পাণ্ডিয়াই দখল কৰে ৩টাকে উইকেট। 

খেলখনত একেটা অভাৰতে ৪ টা উইকেট সংগ্ৰহ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে মহম্মদ চিৰাজে। 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত একেটা অভাৰতে চাৰিটা উইকেট সংগ্ৰহ কৰা মহম্মদ চিৰাজেই হৈছে প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ।

Related News