NORTHEAST NOW (Assamese)
অৰুণাচল

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2025 6:34 pm
অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

ধাৰাষাৰ বষুণৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে। ধাৰাষাৰ বৰষুণৰ বাবে অসম-অৰুণাচল সীমান্তৰ বোমজিৰ নদীত আবদ্ধ হৈ থকা ১৪ জন লোকক দেওবাৰে ভাৰতীয় বায়ুসেনাৰ জোৱানে উদ্ধাৰ কৰে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পলে পুৱা উদ্ধাৰ অভিযান চলোৱা বুলি জানিবলৈ দিয়ে, তেওকয় যে সাহসী উদ্ধাৰ অভিযানত ফুলি উঠা বমজিৰ নদীত আবদ্ধ হৈ থকা ১৪ জন লোকক বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়।

উদ্ধাৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ জিলা প্ৰশাসনে তৎকালীনভাৱে বায়ুসেনা আৰু অৰুণাচল প্ৰদেশ কৰ্তৃপক্ষই সহযোগ  কৰে। সদিয়াৰ ৰাজহ সংমণ্ডল বিষয়া জয়দীপ ৰজকে এই অভিযানৰ তদাৰক কৰে য’ত তিনিচুকীয়া জিলাৰ ১৩ জন আৰু অৰুণাচল প্ৰদেশৰ এজন লোকক নিৰাপদে উদ্ধাৰ কৰা হয়। অই কেই জন লোকক  সুস্থভাবে ঘৰলৈ ঘূৰাই পঠিওৱা হৈছে বুলি বিষয়াগৰাকীয়ে জনায়।