NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানৰ আই এছ আইক ভাৰতীয় সেনাৰ গোপন তথ্য দি গ্ৰেপ্তাৰ অসমৰ সেনাজোৱান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2019 12:33 pm

পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইক ভাৰতীয় সেনাৰ গোপনীয় তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল অসমৰ সেনা জোৱানসহ দুজন সেনা জোৱান। সেনা জোৱান দুজনক ক্ৰমে ৰবি বাৰ্মা আৰু বিচিত্ৰ বৰা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে পাকিস্তানৰ এগৰাকী সুন্দৰী যুৱতীয়ে নিজকে পাঞ্জাৱৰ বুলি পৰিচয় দি ভাৰতীয় সেনা জোৱান তথা অসমৰ বিচিত্ৰ বৰাৰ লগত ম’বাইলত ভিডিঅ’ কলিঙৰ জৰিয়তে কথা বতৰা পাতিছিল।

আৰু এইদৰে পাকিস্তানৰ সুন্দৰী যুৱতী গৰাকীয়ে বিচিত্ৰ বৰাৰ লগতে কথা-বতৰা পাতি পিছলৈ প্ৰেমৰ নিবেদন কৰে। পাকিস্তানী সুন্দৰী যুৱতীগৰাকীৰ প্ৰেমত পৰা পিছতেই অতি কৌশলেৰে যুৱতীগৰাকীয়ে বিচিত্ৰ বৰাৰ পৰা ৰাজস্থানত ভাৰতীয় সেনাৰ অৱস্থান, অস্ত্র শস্ত্র আদিকে ধৰি কিছু গোপন তথ্য আদায় কৰে।

ইফালে সুন্দৰী যুৱতীগৰাকীয়ে লেন্সনায়ক ৰবি বার্মাকো কৌশলেৰে প্ৰেমৰ জালত পেলাইছিল। শেষত দুয়োজন সেনা জোৱান হনি ট্ৰেপিঙৰ জালত পৰি সেনাৰ বহু গোপন তথ্য সুন্দৰী যুৱতী গৰাকীৰ সহায়ত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইক দিছিল।

ইতিমধ্যে দুয়োজন সেনা জোৱানকে চি বি আই আৰু আই বিয়ে গ্ৰেপ্তাৰ কৰি যোধপুৰত জেৰা চলাইছে বুলি জানিব পৰা গৈছে।